নলবাৰী জিলা স্বচ্ছ ভাৰত মিছন(নগৰাঞ্চল)ৰ উদ্যোগত আৰু সৃষ্টি ৱেলফেয়াৰ ছ’চাইটিৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন

*নলবাৰী জিলা স্বচ্ছ ভাৰত মিছন(নগৰাঞ্চল)ৰ উদ্যোগত আৰু সৃষ্টি ৱেলফেয়াৰ ছ’চাইটিৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন*


*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৮ মাৰ্চ*


নলবাৰী জিলা স্বচ্ছ ভাৰত মিছন(নগৰাঞ্চল)ৰ উদ্যোগত আৰু সৃষ্টি ৱেলফেয়াৰ ছ’চাইটিৰ সহযোগত ব্যতিক্ৰমী কাৰ্যসূচীৰে উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। নলবাৰী হৰিজন কলনীত আয়োজন কৰা এই অনুষ্ঠানত উপস্থিত থাকে চহৰ প্ৰকল্প বিষয়া তন্ময়া চক্ৰৱতী, নলবাৰী পৌৰসভাৰ সভানেত্ৰী বিপাশা দাস, বিশিষ্ট সমাজকৰ্মী তিলক দাস তথা সৃষ্টি ৱেলফেয়াৰ ছ’চাইটিৰ বিষয়ববীয়া সকল ৷ সভাত মূলতঃ মহিলাসকলৰ মাজত স্বাস্থ্য সম্পৰ্কীয় সজাগতা সৃষ্টিত অধিক গুৰুত্ব প্ৰদান কৰা হয় ৷ লগতে সভাত উপস্থিত থকা মহিলাসকলক বিনামূলীয়াকৈ মাস্ক আৰু হেণ্ডগ্লোভচ্ বিতৰণো কৰা হয় ৷ অনুষ্ঠানটোত প্ৰায় অৰ্দ্ধশতাধিক লোক উপস্থিত থাকে ৷ আজিৰ এই অনুষ্ঠানটিৰ আঁত ধৰে সৃষ্টিৰ সাধাৰণ সম্পাদক অনিমেষ শৰ্মাই ৷ কলনিটোৰ চাফাই কৰ্মীসকলৰ মাজত অনুষ্ঠিত কৰা নাৰী দিৱসৰ এই ব্যতিক্ৰমী কাৰ্যসূচীয়ে বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷


*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা