সমষ্টিৰ ৰাইজৰ পদুলীয়ে পদুলীয়ে খাদ্য সামগ্ৰী বিতৰণ বিধায়ক পদ্মৰ

#সমষ্টিৰ ৰাইজৰ পদুলীয়ে পদুলীয়ে খাদ্য সামগ্ৰী বিতৰণ বিধায়ক পদ্মৰ৷
#নিজে গাড়ী চলাই ৰাইজৰ বাবে কঢ়িয়াই নিলে খাদ্য সামগ্ৰী৷

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,৩০ মাৰ্চ: কৰ'না ভাইৰাছ সংক্ৰমন ৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা লক ডাউনৰ সময়ছোৱাত সকলো জনসাধাৰণ গৃহবন্দী হৈ পৰাৰ লগতে খাদ্য সামগ্ৰীৰ নাটনিৰ সমস্যাতো পৰিছে সৰ্বসাধাৰণ ৰাইজ৷তাৰমাজতেই খাদ্য সামগ্ৰী বিশেষকৈ শাক পাচলিৰ অভাৱত যাতে জনসাধাৰণ বাহিৰলৈ ওলাই আহি লকডাউনৰ নিয়ম উলংঘা নকৰে সেইবাবেই নিজেই খাদ্যসামগ্ৰী ভৰ্তি গাড়ী চলাই গাঁৱে গাঁৱে শাক পাচলিৰ টোপোলা লৈ ৰাইজৰ পদুলীয়ে পদুলীয়ে গৈ প্ৰতিটো পৰিয়ালক পাচলিৰ টোপোলা প্ৰদান কৰিছে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷সামাজিক দূৰত্ব বজাই ৰাখি সোমবাৰৰপৰা আৰম্ভ কৰা এই শাক পাচলি যোগান ধৰাৰ ব্যৱস্থা আগন্তুক এটা সপ্তাহ পৰ্যন্ত অব্যাহত থাকিব বুলি জানিব দিয়াৰ লগতে সমষ্টিটোৰ ২০ টা পঞ্চায়তৰ প্ৰায় ৪০ হাজাৰটা পৰিয়ালক এইদৰেই দূৰ্য্যোগৰ সময়ত বিনামুলীয়াকৈ খাদ্য সামগ্ৰী যোগান ধৰা হ’ব বুলিও উল্লেখ কৰে বিধায়ক পদ্ম হাজৰিকাই৷আজি দিনৰ ১১ বজাত জামুগুৰিহাটৰ শান্তিপুৰত থকা “কণ্যকা জাতীয় সাজপাৰ সংস্থা”ত খাদ্য সামগ্ৰীৰ টোপোলাসমুহ প্ৰস্তুত কৰি গাড়ীত উঠাই পোনপ্ৰথমে চতিয়াৰ ৩ নং পঞ্চায়তৰ হাজাৰীমল,পহুচোৱা আৰু জামুগুৰিহাটৰ পূৱ বৰভগীয়া গাঁও পঞ্চায়তৰ উদয়পুৰ,দীপাটোলা,বৰপুখুৰীপাৰ,মুণ্ডাবস্তিকে আদি কৰি গাঁওসমুহত নিশালৈকে বিতৰণ কৰে এই খাদ্যসামগ্ৰীৰ টোপোলাসমুহ৷দেশৰ এই দূৰ্য্যোগৰ সময়ত সমষ্টিৰ ৰাইজ যাতে অসুবিধাত নপৰে তাৰবাবে বিশেষভাৱে গুৰুত্ব দিয়া বিধায়ক পদ্ম হাজৰিকাই সকলোকে লকডাউনৰ নিৰ্দেশ পালন কৰিবলৈ আহবান জনোৱাৰ লগতে যি
কোনো ক্ষেত্ৰত ৰাইজ অসুবিধাত পৰিলে পোনপটীয়াকৈ বিধায়কগৰাকীৰ লগত যোগাযোগ কৰিবলৈও ৰাইজৰ প্ৰতি আহবান জনাই বিধায়ক হাজৰিকাই৷উল্লেখ্য যে লকডাউনৰ সময়চোৱাত চতিয়া সমষ্টিৰ বিভিন্ন প্ৰান্তত থকা গেলামালৰ ব্যৱসায়ীসকলে যাতে সুযোগ বুজি অধিক মুনাফা লুটিব নোৱাৰে তাৰবাবেই বিধাকগৰাকীয়ে দুদিন পূৰ্ৱে গেলামালৰ দোকানে দোকানে গৈ ব্যৱসায়ীসকলক সতৰ্ক কৰিও দিছিল৷ জোন বৰা,জামুগুৰিহাট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা