নতুন নিয়ম : ১০ বজাৰ পৰা ৫ বজালৈ খোলা থাকিব গ্ৰোচাৰী

গ্ৰোচাৰী দোকানক লৈ কামৰূপ জিলা প্ৰশাসনৰ নতুন নিৰ্দেশনা।

পঙ্কজ নাথ, চাংসাৰি, ২৬ মাৰ্চ :

কৰোনা ভাইৰাছে সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ ধাৰণ কৰা সময়ত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২৪ মাৰ্চৰ মাজনিশাৰ পৰা ১৪ এপ্ৰিললৈ ভাৰতবৰ্ষত এই মহামাৰী অধিক সংক্ৰমিত নহবলৈ সম্পূৰ্ণ ভাৰতবৰ্ষক ২১ দিনলৈ লক ডাউন ঘোষণা কৰিছে। তাৰেই পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে কামৰূপ প্ৰশাসনে যোৱাকালি ২৫ তাৰিখে এই জৰুৰীকালীন সময়ছোৱাত গ্ৰোচাৰী দোকান খোলা ৰখাৰ সময় দিনৰ ১০ বজাৰ পৰা ১ বজালৈ নিৰ্দ্ধাৰণ কৰি দিছিল। আজি ২৬ তাৰিখে পুণৰ এক নিৰ্দেশনা মৰ্মে তাৎক্ষণিক ভাৱে প্ৰযোজ্য হোৱাকৈ এই সময় বৃদ্ধি কৰি গ্ৰোচাৰী দোকান খোলা ৰখাৰ ক্ষেত্ৰত লক ডাউনৰ জৰুৰীকালীন সময়ছোৱাত দিনৰ ১০ বজাৰ পৰা গধূিল ৫ বজালৈ কামৰূপ জিলাৰ গ্ৰোচাৰী দোকান সমূহ খোলা ৰাখিবলৈ কামৰূপ জিলা প্ৰশাসনে চৰকাৰৰ নিৰ্দেশ মৰ্মে এক নতুন নিৰ্দেশনা জাৰি কৰিছে বুলি কামৰূপ জিলা প্ৰশাসনে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা