বৰপেটাত ক্লাব অগ্ৰগামীৰ উদ্যোগত আৰু বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বিনামূলীয়া হোলীগীতৰ প্ৰশিক্ষণ

:: বৰপেটাত ক্লাব অগ্ৰগামীৰ উদ্যোগত আৰু বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বিনামূলীয়া হোলীগীতৰ প্ৰশিক্ষণ শিবিৰ ::

জনগণ সেৱা,বৰপেটা ১ মাৰ্চ : বৰপেটাৰ দৌল মহোৎসৱৰ লগত সংগতি ৰাখি ক্লাৱ অগ্ৰগামীৰ উদ্যোগত আৰু বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত যোৱা ১৬ তাৰিখৰ পৰা ১মাৰ্চ তাৰিখলৈ বৰপেটাবাসী ৰাইজৰ মনৰো মনৰ, প্ৰাণৰো প্ৰাণৰ হোলীগীত সম্পৰ্কে নৱ প্ৰজন্মক সঠিক আৰু শুদ্ধৰূপত পৰিচিত কৰি দিয়াৰ লগতে হোলীগীতৰ তাত্বিক জ্ঞান, গায়নশৈলী, ঢোল-খুঞ্জুৰিৰ সংমিশ্ৰণত শুদ্ধকৈ হোলীগীত আয়ত্ব কৰোৱাৰ মানসিকতাৰে দ্বিতীয় বাৰ্ষিক বিনামূলীয়া হোলীগীত প্ৰশিক্ষণ শিবিৰ শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।
এই প্ৰশিক্ষণ শিবিৰত প্ৰায় ১০০ গৰাকী প্ৰশিক্ষণাৰ্থীক প্ৰশিক্ষণ দিছে বৰপেটাৰ ৫ গৰাকী স্বনামধন্য প্ৰশিক্ষকে: চিন্ময় দাস, নকুল দাস, কবিন দাস, ভূদেৱ দাস আৰু কৌশিক দাসে। 
অহা ০৩ মাৰ্চ তাৰিখে অম্বিকাগৰি-বাণীকান্ত বৰপেটা সাহিত্য সভা ভৱনত সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে।উক্ত অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া শ্ৰীযুত বশিষ্ঠ দেৱ শৰ্মা ডাঙৰীয়াকে আদি কৰি বিশিষ্ট ব্যক্তি সকল আৰু উক্ত অনুষ্ঠানত প্ৰশিক্ষাৰ্থীক প্ৰমাণ পত্ৰ বিতৰণ কৰা হ'ব।
কঞ্জল দাস,বৰপেটা

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা