মেছাগড়ত পাৰ্বতী সংগীতৰ কৰ্মশালাৰ সামৰণী

মেছাগড়ত পাৰ্বতী  সংগীতৰ কৰ্মশালাৰ সামৰণী |
অসমীয়া সংগীত জগতত পাৰ্বতী প্ৰসাদৰ গীতৰ সুকীয়া বৈশিষ্ট্য বিদ‍্যমান:: গৱেষক ডঃ অনিল শ‌ইকীয়া:
 ফাষ্টনিউজ ৰিপৰ্ট, নাজিৰা, ১৬মাৰ্চ ::  
গীত, বাদ‍্য আৰু নৃত্যৰ সংমিশ্ৰণেই সংগীত। সময়ৰ লগে লগে অৱধাৰিত ভাবে ই ৰূপান্তৰ ঘটি আহিছে। অসমৰ বৰ্ণময়  সংস্কৃতি পাৰ্বতী প্ৰসাদৰ গীতৰ এক সুকীয়া বৈশিষ্ট্য বিদ‍্যমান। ত্ৰি-প্ৰসাদে অৰ্থাৎ জ‍্যোতি প্ৰসাদ, বিষ্ণুপ্ৰসাদ আৰু পাৰ্বতী প্ৰসাদে সংগীতৰ ক্ষেত্ৰখনক সুবিধা মাত্ৰা প্ৰদান কৰিলে ।  শিৱসাগৰ জিলাৰ মেছাগড়ত অনুস্থিত গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট লোকসংস্কৃতি গৱেষক , ডঃ অনিল শ‌ইকীয়াই এই মত প্ৰকাশ কৰে।অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ মুখ‍্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অন্তৰ্গত সাংস্কৃতিক নৱজাগৰণ অভিযান সমাজৰ উদ‍্যোগত  আৰু মেছাগড় জয়মতী পুথিভঁৰাল , ফুলাম ম‌ইনা পাৰিজাত, প্ৰাইম এণ্টাৰপ্ৰাইজৰ সহযোগত ১৫ দিনীয়া কাৰ্য্যসূচীৰে  মেছাগড়ত এই কৰ্মশালা অনুস্থিত কৰা হয়।সামৰণি  অনুষ্ঠানৰ প্ৰাৰম্ভতে পাৰ্বতী প্ৰসাদ বৰুৱাৰ প্ৰতিছবিৰ সম্মুখত বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে মেছাগড় জোকতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ‍্যক্ষা জ‍্যোতি প্ৰভা দত্তয়ে । স্থানীয় জোকতলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয় এই সামৰণি অনুষ্ঠানত কৰ্মশালাৰ মুখ‍্য প্ৰশিক্ষক  ডঃ অনিল শ‌ইকীয়াৰ পৰিচালনাত প্ৰশিক্ষাৰ্থীসকলে কেইবাটাও পাৰ্বতী প্ৰসাদৰ গীত পৰিৱেশন কৰে।  শিক্ষক তথা জয়মতী পুথিভৰাঁলৰ সম্পাদক  দিগন্ত বৰগোহাঁয়ে আঁতধৰা    অনুষ্ঠানত অংশগ্ৰহণ কৰি   শিৱসাগৰ জিলা ম‌ইনা পাৰিজাতৰ সম্পাদক মোহন চন্দ্ৰ দত্ত‌ই গ্ৰামাঞ্চলৰ সুপ্ত প্ৰতিভাৰ বিকাশৰ বাবে সাংস্কৃতিক বিভাগে গ্ৰহণ কৰা ভুমিকাক সন্তুষ্টি প্ৰকাশ কৰে।অনুস্থানত  সমাজসেৱী বিনোদ বৰগোঁহাই, ৰেৱকান্ত বৰগোঁহাই ,নিৰঞ্জন বৰগোঁহাই,প্ৰশান্ত বৰঠাকুৰ ,পবিত্ৰ কোঁৱৰ, মানস বৰগোহাঞি, ইন্দ্ৰ‌জিৎ বৰগোঁহাই , নিত‍্যানন্দ শৰ্মাই অংশগ্ৰহণ কৰাৰ  উপৰি  কণ্ঠশিল্পী তথা প্ৰশিক্ষক দিপালী দত্ত শ‌ইকীয়া আৰু  প্ৰণতি বৰুৱাই  গীত পৰিবশেন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।প্ৰতিভাবান নৃত্যশিল্পী প্ৰাৰ্থনা বৰগোঁহায়ে পাৰ্বতী প্ৰসাদৰ গীতৰ আধাৰত এক নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে । উল্লেখযোগ্য যে এই কৰ্মশালাখনিত মুখ্য প্ৰশিক্ষক ৰূপে বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক ডঃ অনিল শ‌ইকীয়াৰ উপৰি  কণ্ঠশিল্পী  দিপালী দত্ত -শ‌ইকীয়া, প্ৰণতি বৰুৱা প্ৰশিক্ষক ৰূপে উপস্থিত থাকি প্ৰশিক্ষণ প্ৰদান কৰিব।
নাজিৰাৰ পৰা মুনীন্দ্ৰ নাথ শইকীয়া

Comments