বৰ্তমান আমাৰ সমাজত সুন্দৰ ব্যৱস্হা থকাৰ পিছতো পৰিয়ালৰ কেতবোৰ অপ্ৰীতিকৰ ঘটনাই অন্তৰত দুখ দিয়ে —মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্ম

বৰ্তমান আমাৰ  সমাজত সুন্দৰ  ব্যৱস্হা থকাৰ পিছতো পৰিয়ালৰ কেতবোৰ অপ্ৰীতিকৰ ঘটনাই  অন্তৰত দুখ দিয়ে —মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্ম

বয়োজ্যেষ্ঠ নাগৰিকৰ ভৰি ধুই বিৰল নিদৰ্শন স্থাপন মন্ত্ৰী ব্ৰহ্মৰ 

ৰঙিয়াৰ পৰা পহৰেদ আলী আহমেদ, ৭ মাৰ্চঃ বৰ্তমান আমাৰ সমাজখনত কেতবোৰ  সুন্দৰ ব্যৱস্হা থকাৰ পিছতো পৰিয়ালত সংঘটিত হোৱা অপ্ৰীতিকৰ ঘটনা সমূহৰ বাবে মোৰ অন্তৰাত্মা কঁপি উঠে। পিতৃ মাতৃয়ে বহু কষ্ট কৰি সন্তানক ডাঙৰ দীঘল কৰি উপযুক্ত কৰি তোলাৰ পিছত একাংশ সন্তানে নিজে ঘৰত থাকি পিতৃ মাতৃক বৃদ্ধাশ্ৰমত পঠাই দিয়াটো অত্যন্ত দুৰ্ভাগ্যজনক। এই মন্তব্য অসম চৰকাৰৰ   সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰ। আজি তেওঁ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত সমাজ কল্যাণ বিভাগ আৰু কামৰূপ জিলা প্ৰশাসনৰ  তৰফৰ পৰা আয়োজন কৰা 'চেতনা' কাৰ্যসূচী উদ্বোধন কৰি দিয়া ভাষনত এই মন্তব্য কৰে। ভাষন প্ৰসংগত তেওঁ আৰু কয় যে, যদি নিজৰ সন্তান সন্ততিয়ে পিতৃ মাতৃক  অৱহেলা কৰে, সম্পত্তিৰ বাবে  অযত্ন কৰেে নাইবা  নিজৰ ঘৰখনতে  শান্তিৰে জীয়াই থাকিবলৈ নিদিয়ে তেনেহলেে তাৰ বাবে তেেওঁলোকে  আইনি  সুৰক্ষা লাভ কৰিব । এই  ক্ষেত্ৰত দুখীয়াৰ অজুহাত দেখুৱাই  অধিবক্তাই  ন্যায় দিয়াৰ ক্ষেত্ৰত  কৃপনালি কৰে তেনেহলে  ন্যায়ালয়ে নিজাববীয়াকৈ গোচৰ তৰাৰো ব্যৱস্থা আছে। অকল সেয়াই নহয় সেে সকল নিৰ্যাতিত পিিতৃ মাতৃৰ বাবে  অসম চৰকাৰে ঠায়ে ঠায়ে বৃদ্ধাশ্ৰমৰ ব্যৱস্থা  কৰিছে, প্ৰয়োজনত সেেই বৃদ্ধাশ্ৰম সমূহত  তেওঁলোকে আশ্ৰয় ল'ব পাৰে। তেওঁলোকৰ অসুখ-বিসুখৰ বাবে ৰাজৰ চিকিৎসালয় সমূহত সুকীয়া ব্যৱস্থাও  ৰখা হৈছে বুলি মন্ত্ৰী গৰাকীয়ে জাানিবলৈ দিয়ে। বন্তি প্ৰজ্বলন কৰি অনুুষ্ঠানৰ শুভাৰম্ভ কৰি মন্ত্ৰী গৰাকীয়ে আৰু কয় যে, পৰিয়ালৰ লৰা ছোৱালীৰ চেতনা  অনাৰ কাৰনে মূলতঃ এই অনুষ্ঠানৰ আয়োজন কৰা হয়।    বয়োজ্যেষ্ঠ নাগৰিক সকলৰ  কল্যাণৰ অৰ্থে  আয়োোজন কৰা এই সজাগতা মূলক সভাত  অসম চৰকাৰৰ জলসিঞ্চন শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা,সাংসদ দিলীপ শইকীয়া, কামৰূপ জিলাৰ উপায়ুক্ত  কমল কুমাৰ বৈশ্য, অসম চৰকাৰ সমাজ কল্যাণ বিভাগৰ আয়ুক্ত সচিব ৰূপক মজুমদাৰ, জ্যেষ্ঠ মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দাস, অতিৰিক্ত মহাধিবক্তা বিশ্বজিত গোস্বামী, সমাজ কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক দেৱলাদেৱী দাস,জিলা সমাজ কল্যাণ বিষয়া মৌচুমী দাউলাগুপু  ৰঙিয়া মহকুমাৰ মহকুমাধিপতি ডাঃ বেদাংগ তালুকদাৰ, ৰাজহ চক্ৰ বিষয়া মনালী জৈন,মহকুমাৰ তথ্য আৰু জনসংযোগ বিষয়া হেমন্ত কুমাৰ শৰ্মা সহ সমাজ কল্যাণ বিভাগৰ বিভিন্ন বিষয়া সকল উপস্থিত থাকে।অনুষ্ঠানত মন্ত্ৰী ভৱেশ কলিতাই বয়োজেষ্ঠ নাগৰিক সকলৰ বাবে অসম চৰকাৰে প্ৰৰৱৰ্তন কৰা বিভিন্ন আঁচনিৰ বিষয়ে বিতং তথ্য আগবঢ়ায়। তেওঁ বৃদ্ধাশ্ৰম ব্যৱস্থাৰ বিৰোধিতা কৰি কয় যে, নিজৰ পিতৃ মাতৃয়ে যাতে কোনোদিনেই বৃদ্ধাশ্ৰমত যাৱ নালাগে সেই ব্যৱস্থা কৰাৰ বাবে সকলো সন্তান সন্ততিক আহ্বাান জনায়। অনুষ্ঠানত সাংসদ দিলীপ শইকীয়া, উপায়ুক্ত কমল কুমাৰ বৈশ্য, মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দাস সহ কেবাগৰাকী বক্তাই বক্তব্য প্ৰদান কৰে। অনুষ্ঠানৰ শেষত মন্ত্ৰী ব্ৰহ্মই  প্ৰায় ২০ গৰাকী বৃদ্ধ বৃদ্ধাক ভৰি ধুই দি     আশীৰ্বাদ গ্ৰহণ কৰে। মন্ত্ৰী গৰাকীয়ে তেওঁলোকক  গামোছা, আৰনাই, চাদৰ আৰু স্মাৰকেৰে সম্বৰ্ধনা জনায়। অনুষ্ঠানত গুৱাহাটী 
 বশিষ্টৰ দিব্যাঙ্গ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে গীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা