জামুগুৰিহাটৰ চৰ চাপৰিত প্ৰশাসনৰ পুণৰ উচ্ছেদ অভিযান

#জামুগুৰিহাটৰ চৰ চাপৰিত শোণিতপুৰ জিলা প্ৰশাসনৰ পুণৰ উচ্ছেদ অভিযান৷
#জেচিবিৰ সহায়ত ভাঙি পেলোৱা হ’ল অৰ্ধশতাধিক বাসগৃহ৷ প্ৰশাসনৰ উচ্ছেদক কেৰেপ নকৰি ৰাতিৰ ভিতৰত গঢ়ি উঠে শ শ ঘৰ।

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,৫ মাৰ্চ: শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ চৰাঞ্চলত চৰকাৰী ভূমি অবৈধভাৱে দখল কৰা লোকৰ বিৰুদ্ধে পুণৰ আজি উচ্ছেদ অভিযান চলাই শোণিতপুৰ জিলা প্ৰশাসনে৷উল্লেখ্য যে জামুগুৰিহাটৰ দক্ষিণ পশ্চিম প্ৰান্তৰ কেবাটাও চৰ চাপৰিত চৰকাৰী ভূমি চতিয়া সমষ্টিৰ ভোটাৰ তালিকাত নাম নথকা একাংশ লোকে বেদখল কৰি থকাৰ পিছত বিগত সময়ত দুবাৰকৈ উচ্ছেদ অভিযান চলাই পাঁচশৰো অধিক পৰিয়ালক উচ্ছেদ কৰা হৈছিল যদিও কিছুদিনৰ পাছত একাংশ উচ্ছেদিত লোকে সেইস্থানতে পুণৰ বসতি স্থাপন কৰিবলৈ লোৱাত আজি পুণৰ তৃতীয়বাৰৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে অভিযান চলাবলৈ বাধ্য হয়৷উচ্ছেদ অভিযানক লৈ আজি পুৱাৰপৰাই জামুগুৰিহাটত প্ৰশাসনৰ লোকে যুদ্ধকালীন তৎপৰতা চলোৱা পৰিলক্ষিত হয়৷প্ৰায় দুই শতাধিক আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ জোৱানক লগত লৈ প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলে পুৱা ১০ বজাত অঞ্চলটোৰ লালেটাপুত উচ্ছেদ চলোৱাৰ পিছত অঞ্চলটোৰ দীঘলিচাপৰি তথা চতিয়া সমষ্টিৰ দাঁতিকাষৰীয়া তেজপুৰ সমষ্টিৰ অন্তৰ্গত মকুৱা চাপৰি আৰু চিৰুৱানীত অভিযান চলাই পুণৰ বসতি স্থাপন কৰিবলৈ লোৱা প্ৰায় অৰ্ধ শতাধিক পৰিয়ালৰ বাসগৃহ চাৰিখনকৈ জেচিবিৰ সহায়ত ভাঙি পেলোৱাৰ লগতে বাসগৃহত ব্যবহৃত সা-সজুলিবোৰ পুণৰ যাতে প্ৰশাসনৰ চকুত ধুলি দি নতুনকৈ বাসগৃহ নিৰ্মানত ব্যৱহাৰ কৰিব নোৱাৰে তাৰবাবেই ট্ৰেক্টৰত উঠাই লৈ অহাৰো ব্যৱস্থা কৰে প্ৰশাসনে৷প্ৰশাসনৰ নিৰ্দেশকো বাৰম্বাৰ আঁওকান কৰি উচ্ছেদিত স্থানত নিশাটোৰ ভিতৰতে যাতে পুণৰ জুপুৰিসদৃশ বাসগৃহ সাজিব নোৱাৰে তাৰপ্ৰতি অধিক তীক্ষ্ণ নজৰ ৰাখিব বুলিও উচ্ছেদ অভিযানত অংশ লোৱা জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলে সাংবাদিকৰ আগত মন্তব্য কৰে৷পুৱা ১০ বজাৰপৰা বিয়লি ৩ বজা পৰ্য্যন্ত চলা এই উচ্ছেদ অভিযানত শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক(নিৰাপত্তা) অলিন্দিতা গগৈ,নদুৱাৰ ৰাজহ চক্ৰ বিষয়া আকাশদ্বীপ কাকতী,তেজপুৰ সদৰ ৰাজহ চক্ৰ বিষয়া পংকজ চমুৱা,জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মানিক বৰমুদৈ,তেজপুৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লোকনাথ ডেকা,চাৰিদুৱাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আলিমুদ্দিন আহমেদকে ধৰি বহুসংখ্যক জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী উপস্থিত আছিল৷উল্লেখ্য যে বিগত বৰ্ষৰ ৬ ডিচেম্বৰ আৰু চলিত বৰ্ষৰ ১০ ফেব্ৰুৱাৰীতো প্ৰশাসনে এই স্থানসমুহত উচ্ছেদ অভিযান চলাইছিল৷জোন বৰা, জামুগুৰিহাট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা