২৬ মার্চৰ পৰা চামতাৰ নৰোৰাম বর্মন ফুটবল প্রতিযোগিতা

*২৬ মার্চৰ পৰা চামতাৰ নৰোৰাম বর্মন ফুটবল প্রতিযোগিতা আৰম্ভ*



*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৪ মাৰ্চ*


সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ অন্তৰ্গত অসমৰ গ্ৰামাঞ্চলৰ অন্যতম ফুটবল প্রতিযোগিতা চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ ষ্টেডিয়ামত যোৱা ২০১৯ বর্ষৰ জুলাই মাহত অনুষ্ঠিত হোৱা ৪২ তম্ নৰোৰাম বর্মন সোঁৱৰণী ফুটবল প্রতিযোগিতাৰ প্রাকৃৃৃতিক দুর্যোগৰ বাবে ছেমিফাইনেলৰ পৰা হ'বলগীয়া খেলসমূহ সাময়িকভাবে স্থগিত ৰাখিছিল ৷ ইফালে ষ্টেডিয়াৰ কামো পূর্ণগতিত চলি থকা বাবে আধৰুৱা খেলসমূহ অনুস্থিত কৰিব পৰা হোৱা নাছিল ৷ আজি ১ মার্চত চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ বর্ধিত কার্যনির্বাহক সভা অনুস্থিত কৰি সভাই নৰোৰাম বর্মণ সোঁৱৰণী ফুটবল প্রতিযোগিতাৰ বাকী থকা ছেমিফাইনেল আৰু চুড়ান্ত খেলসমুহ চলিত মার্চ মাহৰ ২৬ তাৰিখৰ পৰা অনুস্থিত কৰাৰ বাবে সিদ্ধান্ত কৰে ৷ অহা ২৬ মার্চত প্রতিযোগিতাৰ প্রথমখন ছেমিফাইনেল খেলখন অইল ইণ্ডিয়া দুলীয়াজান আৰু অসম পুলিচ ব্লুজ গুৱাহাটীৰ মাজত অনুস্থিত হ'ব আৰু ২৭ মার্চত দ্বিতীয়খন ছেমিফাইনেল খেল অসম ৰেজিমেণ্টেল চেন্টাৰ শ্বিলং আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ গুৱাহাটীৰ মাজত অনুস্থিত হ'ব ৷ ইফালে প্রতিযোগিতাৰ চুড়ান্ত খেলখন ২৯ মার্চত অনুস্থিত হ'ব বুলি সম্পাদক যতীন শর্মা আৰু বিকাশ ভট্টাচাৰ্যই জানিব দিয়ে ৷ ইফালে চামতা আঞ্চলিক ক্রীড়া সংঘৰ পৰিচালনাত প্রথম বার্ষিক "কনক চন্দ্ৰ চৌধুৰী সোঁৱৰণী" ভলীবল প্রতিযোগিতাখনো অহা এপ্রিল মাহৰ ৪ আৰু ৫ তাৰিখে অনুস্থিত হ'ব বুলিও ঘোষণা কৰে ৷




*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা