শিশুৰ মাজত ঈশ্বৰৰ ৰূপ আছে: উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা

:: শিশুৰ মাজত ঈশ্বৰৰ ৰূপ আছে: উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা
পাঠশালাৰ তপোবনত ৰাজ্যিক শিশু সুৰক্ষা দিৱস ::

কঞ্জল দাসবৰপেটা, ৫ মাৰ্চ: শিশু সকলৰ মাজত ঈশ্বৰৰ ৰূপ নিহিত থাকে। সেয়ে তেওঁলোকক যথাসম্ভৱ আদৰ যত্ন কৰি সঠিক দিশত আগবঢ়াই নিব লাগে। আজি পাঠশালাৰ তপোবন শিশু গৃহত অনুষ্ঠিত হোৱা জিলা ভিত্তিক ৰাজ্যিক শিশু সুৰক্ষা দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি দিয়া ভাষণত জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই এইদৰে কয়। তেওঁ কয় যে শিশুৰ বিৰুদ্ধে অপৰাধ এটা জঘণ্য আৰু অমানৱীয় অপৰাধ। তেনে ঘটনাৰ বিৰুদ্ধে সকলো দায়িত্বশীল সচেতন ব্যক্তি সজাগ আৰু তৎপৰ হৈ থাকিব লাগে। বৰপেটা জিলা প্ৰশাসনৰ সহযোগত জিলা সমাজ কল্যান বিভাগৰ  উদ্যোগত আয়োজিত এই অনুষ্ঠানত বজালীৰ মহকুমাধিপতি নয়নজ্যোতি ভাগৱতী, অতিৰিক্ত উপায়ুক্ত জিমলি শ‌ইকীয়া আৰু জিলা সমাজ কল্যাণ বিষয়াৰ দায়িত্বত থকা দেবাশীষ বৰায়ো ভাষণ দিয়ে। নিবন্ধকাৰ পুলু শৰ্মাই আঁতধৰা  অনুষ্ঠানটোত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, জিলাৰ মুখ্য স্বাস্থ্য বিষয়া ডা: এইছ এ আহমেদ, সহকাৰী আয়ুক্ত গায়ত্ৰী শৰ্মা প্ৰমুখ্যে জেষ্ঠ বিষয়া সকলেও বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত তপোবন শিশু গৃহ আৰু সৰুপেটাৰ কহৰা তৰুণ সংঘৰ বাধাগ্ৰস্থ শিশু সকলে আকৰ্ষণীয় সংগীতানুষ্ঠান পৰিবেশন কৰে। শিশু সুৰক্ষা দিৱসৰ সৈতে সংগতি ৰাখি আয়োজিত চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলৰ মাজত অতিথি সকলে বঁটা বিতৰণ কৰে। অনুষ্ঠানত অংশগ্ৰহণকাৰী প্ৰতিটো শিশুকে মাজতে প্ৰমাণ পত্ৰ আৰু উপহাৰ প্ৰদান কৰা হয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা