বৰপেটাত হোলীগীত কৰ্মশালাৰ সামৰণি

::বৰপেটাত হোলীগীত কৰ্মশালাৰ সামৰণি::

কঞ্জল দাস, বৰপেটা ৫ মাৰ্চ: বৰপেটাৰ দৌল মহোৎসৱৰ লগত সংগতি ৰাখি ক্লাৱ অগ্ৰগামীৰ উদ্যোগত আৰু বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত যোৱা ১৬ ফেব্ৰুৱাৰীৰ পৰা ১মাৰ্চ তাৰিখলৈ বৰপেটাবাসী ৰাইজৰ মনৰো মনৰ, প্ৰাণৰো প্ৰাণৰ হোলীগীত সম্পৰ্কে নৱ প্ৰজন্মক সঠিক আৰু শুদ্ধৰূপত পৰিচিত কৰি দিয়াৰ লগতে হোলীগীতৰ তাত্বিক জ্ঞান, গায়নশৈলী, ঢোল-খুঞ্জুৰিৰ সংমিশ্ৰণত শুদ্ধকৈ হোলীগীত আয়ত্ব কৰোৱাৰ মানসিকতাৰে দ্বিতীয় বাৰ্ষিক বিনামূলীয়া হোলীগীত প্ৰশিক্ষণ শিবিৰ শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।
এই প্ৰশিক্ষণ শিবিৰত প্ৰায় ১০০ গৰাকী প্ৰশিক্ষণাৰ্থীক প্ৰশিক্ষণ দিছে বৰপেটাৰ ৫ গৰাকী স্বনামধন্য প্ৰশিক্ষকে: চিন্ময় দাস, নকুল দাস, কবিন দাস, ভূদেৱ দাস আৰু কৌশিক দাসে। উক্ত প্ৰশিক্ষণ শিবিৰ ৩ মাৰ্চ তাৰিখে অম্বিকাগৰি-বাণীকান্ত বৰপেটা সাহিত্য সভা ভৱনত সামৰণি অনুষ্ঠানৰ অনুষ্ঠিত হৈ যায়। সামৰণি অনুষ্ঠানটোৰ আতধৰে মৃত্যুঞ্জয় দাসে। উক্ত অনুষ্ঠানটি বন্তি প্ৰজ্বলনেৰে মুকলি কৰে বৰপেটাৰ বিশিষ্ট সাহিত্যিক শিক্ষাৰত্ন বঁটা প্ৰাপক শ্ৰীযুত অক্ষয় কুমাৰ মিশ্ৰ দেৱে। তেওঁ বক্তব্যত কয় যে, বৰপেটা দৌল মহোৎসৱ তথা হোলীগীতৰ এক স্বকীয়তা আছে আৰু এই স্বকীয়তা অক্ষুন্ন ৰাখি ক্লাৱ অগ্ৰগামী আৰু বৰপেটা আছুই নৱ প্ৰজন্মক শুদ্ধ ৰূপত হোলীগীত সমূহ আয়ত্ব কৰোৱাত উল্লেখনীয় পদক্ষেপ হাতত লৈছে।উক্ত অনুষ্ঠানত উপস্থিত থাকে বৰপেটা সাহিত্য সভাৰ সভাপতি ডা: কমল কৃষ্ণ দাস, বৰপেটা প্ৰাথমিক শিক্ষা বিষয়া শ্ৰীযুত ৰাতুল দাস। তেওঁলোকে ক্লাৱ অগ্ৰগামী আৰু বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাক ভূয়সী প্ৰশংসা কৰাৰ উপৰিও ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যে বহুমূলীয়া বক্তব্য প্ৰদান কৰে। অনুষ্ঠান দুটিৰ হৈ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা উপদেষ্টা আৰু ক্লাৱ অগ্ৰগামীৰ সভাপতি লুইত প্ৰৱাল দাস আৰু ক্লাৱৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি বৰুৱাই প্ৰশিক্ষক সকলক সম্বৰ্ধনা হিচাপে ফুলাম গামোচা, মান-পত্ৰ আৰু দৌলৰ উপহাৰ প্ৰদান কৰাৰ লগতে প্ৰশিক্ষাৰ্থী সকলক মান পত্ৰ প্ৰদান কৰা হয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা