বঙাইগাঁও জিলা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ আধাৰ শিলা স্থাপন

বঙাইগাঁও জিলা বিজ্ঞান কেন্দ্ৰ  আৰু তাৰকাগৃহৰ আধাৰ শিলা স্থাপন 

আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী কেৱশ মহন্তই 

বঙাইগাঁওঃ ১০ মাৰ্চঃ অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ উদ্যোগত সোমবাৰে বঙাইগাঁও পৰিৱেশ উন্নয়ন উদ্যান প্ৰাংগণত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ দ্বাৰা ৰূপায়ণ কৰিবলগীয়া বঙাইগাঁও জিলা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ আধাৰশিলা স্থাপন কৰা হয় ৷ এই বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ আধাৰশিলা স্থাপন কৰে ৰাজ্য চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ৷ আধাৰশিলা স্থাপন অনুষ্ঠানত স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণী ভূষণ চৌধুৰীৰ লগতে বিজ্ঞান আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক ডঃ অৰূপ কুমাৰ কুমাৰ মিশ্ৰ , বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব হেমেন দাস , বঙাইগাঁও জিলাৰ উপায়ুক্ত ডা: এম এচ লক্ষীপ্ৰিয়া আদিও উপস্থিত থাকে ৷ আধাৰশিলা স্থাপনৰ পূৰ্বে মাংগলিক কাৰ্য হিচাপে নাৰিকল ভাঙে সচিব হেমেন দাসে ৷ ইয়াৰ পিছতে মন্ত্ৰী মহন্তই আধাৰশিলা স্থাপনৰ ফলক উন্মোচন কৰে ৷ দহ বিঘা মাটিত এই জিলা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ নিৰ্মাণ কৰা হ'ব ৷ এই জিলা কেন্দ্ৰত একজিভিচন গেলাৰী,চাইন্স পাৰ্ক , বিজ্ঞানসন্মত ফুলনি , কৰ্মচাৰীৰ আৱাসগৃহ, অডিটেৰিয়াম, কনফাৰেন্স হল, অতিথি গৃহ আৰু তাৰকাগৃহ থাকিব ৷ পলম হোৱাৰ কাৰণ হ'ল পূৰ্বে নিৰ্মাণ কৰি থকা কেইটামান তাৰকাগৃহত কিছু কাৰিকৰি ক্ৰটি ৰৈ গৈছিল বাবে এই কাম আৰম্ভ হোৱাত পলম হৈছে ৷ কিন্তু পলম হোৱাৰ ফলত ভালহে হৈছে ৷ কাৰণ পূৰ্বে কেৱল তাৰকাগৃহে নিৰ্মাণ হ'লহেতেন ৷ এতিয়া কিন্তু বিজ্ঞান কেন্দ্ৰও হ'ব ৷ বঙাইগাঁও, মাজুলি ,শিলচৰ ,কাৰ্বি আংলং আৰু কলিয়াবৰত জিলা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ থাকিব ৷ বাক্সা ,বিশ্বনাথ চাৰিআলি , চৰাইদেউ , ধুবুৰী, ডিব্ৰুড় , গোৱালপাৰা, হাইলাকান্দি , হোজাই , কৰিমগঞ্জ , দক্ষিণ শালমাৰা আৰু ওদালগুৰি এই এঘাৰখন জিলাটো একোটাকৈ বিজ্ঞান কেন্দ্ৰ স্থাপন কৰা হ'ব আৰু বঙাইগাঁৱৰ যি নক্সা সেই একে হ'ব ৷ কেৱল এইকেইখন জিলাত তাৰকাগৃহটো প্ৰথম পৰ্যায়ত নিৰ্মাণ কৰা নহ'ব ৷ পিছত সংযোগ কৰা হ'ব ৷ অসমৰ বাইশখন জিলাত জিলা বিজ্ঞান কেন্দ্ৰ থাকিব আৰু তাৰ কাৰণে পৰিকল্পনা যুগুত কৰি উলিওৱা হৈছে ৷ ইয়াৰে এঘাৰখন জিলাত সদ্যহতে তাৰকাগৃহ নাথাকিব যদিও ভৱিষ্যতে সংযোগ কৰা হ'ব ৷ বাকীকেইখন জিলাৰ পৰা মাটি আৱণ্টন নোপোৱাৰ কাৰণে কাম আৰম্ভ কৰিব পৰা নাছিলো বুলিও কয় ৷ মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে বঙাইগাঁওবাসীয়ে এটা ভাল সম্পদ লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ কাৰণে কিছু পলম হৈছে ৷ এই প্ৰকল্পৰ কাম তিনি বছৰত সম্পূৰ্ণ কৰাৰ বাবে সময়সীমা ধাৰ্য কৰা হৈছে যদিও ডেৰ দুই বছৰৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব বুলিও মন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে ৷ লগতে কয় যে ইয়াত জিৱা বিজ্ঞান কেন্দ্ৰ ,তাৰকাগৃহ আৰু উদ্যোনকলৈ মুঠ ৩৫ কোটি টকাৰ কাম হ'ব ৷ মন্ত্ৰীগৰাকীয়ে সভাত আৰু কয় যে অসমবাসীৰ বাবে সুখৰ কথা যে গুৱাহাটীত এখন বিজ্ঞান নগৰী স্থাপন কৰা হ'ব আৰু তাৰ বাবে ইতিমধ্যে সকলো কাম সম্পূৰ্ণ কৰা হৈছে ৷ এশ বিঘা মাটিত স্থাপন হ'ব বিজ্ঞান নগৰীখন ৷ অতি সোনকালে আধাৰশিলা স্থাপন কৰা হ'ব ৷ তেওঁ আৰু কয় যে পূৰ্বতে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগটো মানুহে সিমান জনা নাছিল ৷ কিন্তু বৰ্তমানৰ চৰকাৰখনে বিভাগটোক ৰাইজৰ ওচৰলৈ লৈ গৈছে ৷ অসমত আমি তৃণমূল পৰ্মাযায়ৰ পৰা মানুহৰ মাজত বিজ্ঞান মানসিকতাতো গঢ়ি তুলিবলৈ চেষ্টা কৰিছো ৷  তেওঁ বঙাইগাঁও জিলাৰ নৱনিযুক্ত উপায়ুক্ত ডা: এম এচ লক্ষীপ্ৰিয়াই শিৱসাগৰৰ উপায়ুক্ত হৈ থাকোতে জিলাখনৰ বহু ভাল কাম কৰা বুলি কৈ কাম কৰি ভাল পায় বুলি প্ৰশংসা কৰে আৰু বঙাইগাঁও জিলাতো কৰিব বুলি আশা ব্যক্ত কৰে ৷ অসম বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ডঃ জয়দ্বীপ বৰুৱাই আঁতধৰা আধাৰশিলা স্থাপনৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত সভাৰ আৰম্ভণিতে আদৰণি ভাষণ ৰাখে জিলাৰ উপায়ুক্ত ডাঃ এম এচ লক্ষ্মীপ্ৰিয়াই ৷ ইয়াৰ পিছতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি অসম ৰাজ্যিক বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক ডঃ অৰূপ কুমাৰ মিশ্ৰই কয় যে ৰাজ্যত প্ৰযুক্তি বিদ্যাক উন্নত দিশত আগবঢ়াই লৈ যোৱাৰ বাবে বৰ্ত্তমান চৰকাৰে বহু উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰিছে । তেওঁ আৰু কয় যে অসমত প্ৰথম তাৰকাগৃহ স্থাপিত কৰা হৈছে গুৱাহাটী উজান বজাৰত । তাকে কেন্দ্ৰ কৰি চৰকাৰে এটা এটাকৈ প্ৰতিখন জিলাত বিজ্ঞান কেন্দ্ৰ  আৰু  তাৰকাগৃহ স্থাপনৰ পৰিকল্পনা প্ৰস্তু কৰিছে । তেওঁ আৰু কয় যে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ জৰিয়তে চৰকাৰে সংস্কাৰ : মানুহে মানুহৰ বাবে " এই আঁচনিৰ জৰিয়তে মানুহৰ মাজত থকা অন্ধবিশ্বাসৰ বিৰুদ্ধে এক বৈজ্ঞানিক সজাগতা অভিযান আৰম্ভ কৰিছে । মানুহৰ মাজত সজাগতা তথা সচেতনতা নথকাৰ বাবে ভ্ৰান্ত ধাৰণাৰ সৃষ্টিৰ ফলত হোৱা ২০১৮ চনৰ ৮ জুনৰ দিনটো এটা ক'লা দিন হিচাপে পৰিগণিত হ'ল ৷ গুৱাহাটীৰ পৰা কাৰ্বি আংলঙলৈ যোৱা নীল আৰু অভিজিৎ নামৰ যুৱক দুজনক মানুহৰ কিছুমান ভুল প্ৰচাৰৰ বাবে সোপাধৰা সন্দেহত মৰিয়াই মৰিয়াই হত্যা কৰা হ'ল ৷ হয়তো বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ অভাবৰ বাবে তেনেবোৰ অপঘটনা সংঘটিত হ'ব পাৰিছে । এইবোৰ ঘটনা আঁতৰ কৰাৰ বাবে চৰকাৰে আজি বিজ্ঞান আৰু প্ৰতিযুক্তি বিদ্যাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া বুলি কৈ সকলোকে সুস্থ আৰু সৱল চিন্তা ধাৰণাৰে আগবাঢ়ি যোৱাৰ বাবে আহবান জনায় ৷ আনহাতে সভাত অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণী ভূষণ চৌধুৰী কয় যে  এই জিলা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ নিৰ্মাণৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ লগতে ৰাইজ উপকৃত হ'ব ৷ তেওঁ লগতে কয় যে এই উদ্যানখনত চিআই ডি এফ আঁচনিৰ জৰিয়তে একলণ্ডৰ দৰে নিৰ্মাণ কৰিবলৈ প্ৰস্তুতি চলাইছো ৷ ইয়াৰ বাবে ১৫ কোটি ৭২ লাখ টকা ইতিমধ্যে মঞ্জুৰ হৈছে আৰু টেণ্ডাৰ হোৱাৰ অৱস্থাত আছে ৷ গতিকে এই কামটো আৰম্ভ হোৱাৰ ক্ষেত্ৰতো কিছুদিন লাগিব ৷ কিন্তু কিছুমান লোকে এইবোৰ কখা নজনাকে যদি উদ্দেশ্য প্ৰণোদিতভাৱে কয় যে তাৰকাগৃহ নহ'ব , উদ্যানখন নহ'ব তেতিয়াহলে ৰাইজক বিপথে পৰিচালিত কৰা হয় ৷ তেওঁ জিলাখনক সৰ্বাংগীণ উন্নয়নৰ দিশত আগবঢ়াই লৈ যোৱাৰ বাবে সকলোৰে সহযোগিতে বিচাৰে । ৰাইজৰ পূৰ্ণ সহযোগিতা পালে সকলো কাম সহজতে কৰিব পৰা যাব বুলিও কয় । তেনেখেতে অনাগত দিনত জিলাখনত আৰম্ভ হ'বলগীয়া কিছু প্ৰকল্পৰ কথাও উল্লেখ কৰে । লগতে মন্ত্ৰীগৰাকীয়ে নতুনকৈ অহা জিলা উপায়ুক্তগৰাকীৰ জিলাখনৰ বাবে কিছুমান কাম কৰি যোৱাৰ হেঁপাহ আছে বুলি কৈ এইক্ষেত্ৰত তেওঁক সকলোকে সহযোগ কৰিবলৈকো আহ্বান জনায় ৷ সভাত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব হেমেন দাসেও ভাষণ প্ৰদান কৰে । এই আধাৰশিলা স্থাপন সভাত বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি পল্লৱী সৰকাৰ , অভয়াপুৰী উত্তৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায়, বঙাইগাঁও জিলা পৰিষদৰ সভাপতি বিজয় সিংহ , বঙাইগাঁও গড়কাপ্তনি (গৃহ)  বিভাগৰ কাৰ্যবাহী অভিযন্তা আদিৰ লগতে চৰকাৰী বিভাগৰ বিষয়া কৰ্মচাৰী , জ্যেষ্ঠ নাগৰিক সকলক আৰু ৰাইজ উপস্থিত  থাকে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা