শিৱসাগৰত অতিক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ পষেক উদযাপনৰ উদ্দেশ্যে ৰচনা আৰু চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন

*শিৱসাগৰত অতিক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ পষেক উদযাপনৰ উদ্দেশ্যে ৰচনা আৰু চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন*

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট  শিৱসাগৰ, ৭ মাৰ্চ: অতিক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ পষেক উদযাপনৰ লগত সংগতি ৰাখি শিৱসাগৰ জিলাত অহা ১১ মাৰ্চত এখনি ৰচনা আৰু চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

এই দুয়োখন প্ৰতিযোগিতা স্থানীয় ফুলেশ্বৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ'ব। ৰচনা প্ৰতিযোগিতা পুৱা ১০ বজাত আৰু চিত্ৰাংকণ প্ৰতিযোগিতা দিনৰ ১২ বজাত অনুষ্ঠিত হ'ব। নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে এই দুয়োখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। ৰচনা প্ৰতিযোগিতাত প্ৰতিযোগীয়ে ১০০০ টা শব্দৰ ভিতৰত ৰচনা লিখিব লাগিব।

ৰচনাৰ বিষয়সমূহ হ'ল: ভাৰতীয় অৰ্থনীতিত অতিক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ভূমিকা; ভাৰতীয় মুঠ ঘৰুৱা উৎপাদনত অতিক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ভূমিকা; দেশৰ উন্নয়নত অতিক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ভূমিকা; নিয়োগ সৃষ্টিত অতিক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ভূমিকা; অসমৰ অৰ্থনীতিত কুটীৰ উদ্যোগৰ ভূমিকাক চিত্ৰাংকণৰ বিষয়বস্তু হিচাপে ঠাইতে দিয়া হ'ব। 
উল্লেখযোগ্য যে, দুয়োখন প্ৰতিযোগিতাতে প্ৰথম পুৰস্কাৰ ১০,০০০ টকা, দ্বিতীয় পুৰস্কাৰ ৭,৫০০ টকা আৰু তৃতীয় পুৰস্কাৰ ৫,০০০ টকা ধাৰ্য কৰা হৈছে বুলি উদ্যোক্তাৰ তৰফে জানিবলে দিয়ে |


_________________________


*শিৱসাগৰ জিলাত ৫ গৰাকী শিশু শ্ৰমিক উদ্ধাৰ*

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট  শিৱসাগৰ, ৭ মাৰ্চ: শিৱসাগৰ জিলাৰ শ্ৰম বিভাগৰ ফালৰ পৰা জিলাখনৰ বিভিন্ন উদ্যোগ, প্ৰতিষ্ঠান তথা বাসস্থানত শিশু শ্ৰমিক উদ্ধাৰৰ বাবে বিভিন্ন প্ৰচেষ্টা অব্যাহত ৰাখিছে। জিলা শ্ৰম বিভাগৰ উদ্যোগত চলা এক অভিযানত যোৱা ৬ মাৰ্চ তাৰিখে শিৱসাগৰ জিলাৰ ডিমৌ খণ্ডৰ ৰাজমাই অঞ্চলৰ বিভিন্ন হোটেলৰ পৰা ৫ গৰাকী শিশু শ্ৰমিক উদ্ধাৰ কৰি জিলা শিশু কল্যাণ সমিতিৰ হাতত গতাই দিয়া হয়। এই হোটেল কেইখনৰ গৰাকীৰ বিৰুদ্ধে ডিমৌ আৰক্ষী থানাত এটি গোচৰ ৰুজু কৰা হৈছে বুলি বিভাগৰ তৰফে জানিব পৰা গৈছে |
উল্লেখযোগ্য যে, শিশু আৰু কিশোৰ শ্ৰম আইন, ১৯৮৬ -ৰ অধীনত ১৪ বছৰ বয়সৰ তলৰ শিশুক যিকোনো প্রতিষ্ঠান বা ঘৰত কৰ্ম নিয়োগ কৰাটো আইনমতে দণ্ডনীয় অপৰাধ, যাৰ বাবে ২০,০০০ টকাৰ পৰা ৫০,০০০ টকা পৰ্যন্ত জৰিমনা অথবা ৬ মাহৰ পৰা ২ বছৰ পৰ্যন্ত কাৰদণ্ড বিহা হ'ব পাৰে বুলিও জনায় |

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা