প্ৰাক্তন ফুটবল খেলুৱৈ কেশৱ চন্দ্ৰ বৰুৱাক গোলাঘাট জিলা ক্ৰীড়া সন্থা বঁটা প্ৰদান

প্ৰাক্তন ফুটবল খেলুৱৈ কেশৱ চন্দ্ৰ বৰুৱাক গোলাঘাট জিলা ক্ৰীড়া সন্থা বঁটা প্ৰদান : 
গোলাঘাট  ,১৫ মাৰ্চ : আজি এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ প্ৰাঙ্গণত ক্ৰীড়া সন্থাৰ সন্মানীয় বঁটা প্ৰদান কৰা হ'য়। প্ৰাক্তন ফুটবল খেলুৱৈ ,সংগঠক তথা ভলীবল প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ৰাজ্যিক খেলুৱৈ  কেশৱ চন্দ্ৰ বৰুৱাক এই বৰ্ষত এই সন্মান প্ৰদান কৰে জিলা ক্ৰীড়া সন্থাই ।এই বঁটা ত আছে এখন চেলেং , মানপত্ৰ ,শৰাই আৰু নগদ পঞ্চাশ হাজাৰ টকা। উক্ত বঁটা টি প্ৰদান কৰে গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগে। লগতে উপস্থিত থাকে জিলা ক্ৰীড়া সন্থাৰ সভাপতি ডা : অজিত বৰুৱা, উপ সভাপতি দীনেশ গগৈ , সাধাৰণ সম্পাদক সঞ্জীৱ সন্দিকৈ কৰি সন্থাৰ বিষয় - ববীয়াৰ ও গোলাঘাটৰ বহুতো গণ্যমান্য ব্যক্তিসকল।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা