নলবাৰীৰ নিজ পকোৱাত কৰ'ণা ভাইৰাছৰ ওপৰত একেদিনাই কেইবাখনো সজাগতা সভা সম্পন্ন

নলবাৰীৰ নিজ পকোৱাত কৰ'ণা ভাইৰাছৰ ওপৰত একেদিনাই কেইবাখনো সজাগতা সভা সম্পন্ন

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২০ মাৰ্চ*

বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ সতৰ্কতামূলক বিশেষ ব্যৱস্থা হিচাপে নলবাৰী জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে। মহামাৰী ৰূপ ধাৰণ কৰা এই ভাইৰাছবিধ
নলবাৰী জিলাতো সংক্ৰমিত হোৱাৰ আশংকা কৰি এই সন্ধিক্ষনত নলবাৰীৰ নিজ পকোৱাতো ঠায়ে ঠায়ে আজি তিনিদিন ধৰি সজাগতা সভা অনুষ্ঠিত হৈ আহিছে ৷ কৰ'ণা ভাইৰাছে সমগ্র বিশ্বৰ লগতে অসমবাসীক শঙ্কিত কৰি তোলাৰ সময়তে পশ্চিম নলবাৰীৰ ২৭ নং পানীগাঁও গাঁও পঞ্চায়তৰ বিভিন্ন ঠাইত জিলা চিকিৎসা বিভাগৰ তৰফৰ পৰা কৰ'ণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাইজৰ মাজত বিভিন্ন  বিদ্যালয়, ৰাজহুৱা ঠাই আৰু মানুহৰ ঘৰে ঘৰে গৈ সজাগতা সৃষ্টিৰ বাবে নামি পৰিছে।বিশেষকৈ নিজ পকোৱা গাঁৱৰ গলিগাঁও প্ৰাথমিক বিদ্যালয়, নিজ পকোৱা মধ্য চুবুৰী, দত্ত চুবুৰী, পকোৱা সচং সত্ৰ প্ৰাঙ্গন, ২৩১নং খৈৰাবাৰী অংগনাৱাড়ী কেন্দ্ৰ, পূৱ পকোৱা নদীৰ সিপাৰ চুবুৰী, তাঁতিপাৰা প্ৰাথমিক বিদ্যালয় আৰু গলিগাঁও চুবুৰী আদিত পুৱাৰ পৰা কৰ'ণা ভাইৰাছৰ ওপৰত সজাগতা সভা অনুষ্ঠিত কৰে । নিজ পকোৱা  স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক প্ৰিয়ম কুমাৰ চাগ্ৰাৱালীৰ নেতৃত্বত ভাইৰাছবিধৰ ওপৰত সজাগতা সভা অনুষ্ঠিত কৰি ভাইৰাছবিধৰ কাৰণ,  ভয়াবহতা আৰু ল'বলগীয়া  সাৱধানতাৰ ওপৰত আলোচনা আগবঢ়াই চিকিৎসকগৰাকীৰ লগতে যুৱ সমাজকৰ্মী তথা নলবাৰী জাতীয় বিদ্যালয়ৰ শিক্ষক ৰূপক বৈশ্য আৰু পঞ্চায়ত সদস্য বিদ্যুৎ দত্তই ৷ এই ক্ষেত্ৰত সম্পূৰ্ন সহযোগিতা আগবঢ়াই আহিছে এ এন এম এন সুশীলা কলিতা, ডালিমী বৈশ্য, এম পি ডব্লিউ  কিশোৰ তালুকদাৰ, আশাকৰ্মী  যশোদা তালুকদাৰ, কুসুম তালুকদাৰ, প্ৰণিতা ডেকাই ৷ গোটটোৱে এই ভাইৰাছবিধ প্ৰতিৰোধৰ বাবে কেনেকৈ হাত ধুব লাগে, নিজকে কেনেকৈ পৰিষ্কাৰ কৰি ৰাখিব পাৰি আদি দেখুৱাই দি ৰাইজক চাবোন আৰু নেপকিন ব‍্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে । উক্ত সভাত কোনো লোকৰ কাহ, জ্বৰ, চৰ্দি, শ্বাসকষ্ট, নিউমোনিয়া হ'লে শীঘ্ৰে চিকিৎসকৰ কাষ চাপিবলৈ পৰামৰ্শ দিয়ে। লগতে স্বাস্থ্যকৰ্মী আৰু শিক্ষক গোটটোৱে  দোকান-পোহাৰ, বাছ-আস্থান, ৰেলৱে ষ্টেচনলৈ পৰাপক্ষত নাযাবলৈ বা অযথা ভিৰ নকৰি পৰিষ্কাৰ-পৰিচ্ছন্নতা পাৰ্যমানে বজাই ৰাখিবলৈ ৰাইজক আহ্বান জনায় ।  ইফালে ৰাইজে কেনেদৰে হাত ধুব লাগে তাকো প্ৰদৰ্শন কৰি দেখুৱাই উক্ত চিকিৎসকগৰাকীয়ে ।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা