চাবুৱাত আৰ্থিক সাহাৰ্য্য বিতৰণ

চাবুৱাত আৰ্থিক সাহাৰ্য্য বিতৰণ


চাবুৱাঃ ৩১ মাৰ্চঃ  বিশ্বত ক’ভিড – ১৯ৰ ৰোগে মহামাৰী ৰূপ ধাৰণ কৰাৰ ফলত কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে ২১ দিনীয়া তলা বন্ধ ঘোষণা কৰে। তলা বন্ধ ঘোষণা কৰাৰ ফলত সকলোৱে আক্ষংকাত ভূগিব লগাত পৰে। যিসকল লোকে দিন হাজিৰা কৰি নিজৰ পৰিয়ালটোক পু-পাল দিয়ে সেইসকলৰ বাবে ২১ দিনীয়া তলাবন্ধে তেওঁলোকক গভীৰ চিন্তাত পেলাইছে। সদৌ অসম মটক যুৱ ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা যুগল বৰুৱা আৰু হাটীআলী আঞ্চলিক সমিতিৰ সভাপতি সমীৰন দিহিঙ্গীয়াৱে এমুঠি অন্ন যোগান ধৰিবলৈ আগবাঢ়ি আহিছে। নাদুৱা, বৰুৱাচুক, বামুণীয়া হিলৈধাৰীকে ধৰি বহু কেইখন গাৱত চাউল, দাইল, চেনিটাইজাৰ বিতৰণ কৰে। তেওঁলোকৰ এনে কাৰ্য্যক বহুজনে শলাগ লৈছে বুলি জানিবলৈ দিয়ে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা