উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত মাধৱদেৱ কেৰিয়াৰ গাইডেন্স একাডেমী" মুকলি

উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত মাধৱদেৱ কেৰিয়াৰ গাইডেন্স একাডেমী" মুকলি ।

পঙ্কজ নাথ, চাংসাৰি, ৭ মাৰ্চ :

কামৰূপ জিলাৰ অন্তৰ্গত উত্তৰ গুৱাহাটীৰ শংকৰদেৱ শিশু নিকেতনত আজি মাধবদেৱ কেৰিয়াৰ গাইডেন্স একাডেমী নামেৰে এখন একাডেমী মুকলি কৰা হয়। উত্তৰ কামৰূপৰ ভিতৰতেই এখন আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান হল উত্তৰ গুৱাহাটীৰ শংকৰদেৱ শিশু নিকেতন । যোৱা দুটা দশকত অসমীয়া মাধ্যমৰ বিদ্যালয় খনে শৈক্ষিক দিশত ঈৰ্ষনীয় সফলতা লাভ কৰি বৃহত্তৰ উত্তৰ গুৱাহাটী অঞ্চলটোলৈ সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। শৈক্ষিক দিশৰ লগত ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰখনে নিকেতনখনক আগুৱাই নিয়াৰ বাবে নিকেতন পৰিচালনা সমিতিয়ে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে। আজি উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনে বৃহত্তৰ উত্তৰ গুৱাহাটী অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে এই "মাধৱদেৱ কেৰিয়াৰ গাইডেন্স একাডেমী" খন মুকলি কৰে। উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ প্ৰেক্ষাগৃহত ইয়াৰ বাবে এখন সভা অনুষ্ঠিত হয় আৰু এই সভাৰ সঞ্চালনা কৰে ইয়াৰ পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীদেৱে। আৰম্ভণিতে বন্তি প্ৰজ্জলন কৰে নিকেতনৰ প্ৰধান আচাৰ্য উৎপল তালুকদাৰে , সহযোগ কৰে কলা আৰু সাংস্কৃতিক বিভাগৰ প্ৰশিক্ষক ধীৰাজ গগৈ আৰু ক্ৰীড়া বিভাগৰ প্ৰশিক্ষক গৌতম দাস । সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্যৱহাৰিক বিজ্ঞান অধ্যাপক ডঃ ঈশাংকুৰ শইকীয়াই আনুষ্ঠানিক ভাৱে এই একাডেমী খনৰ প্ৰয়োজনীয়তা আৰু গুণাগুণৰ বিষয়ে বিস্তৃত বিৱৰণ ডাঙি ধৰি উদ্দেশ্য সফল হোৱাৰ কামনাৰে একাডেমি খন মুকলি হোৱা বুলি ঘোষণা কৰে । ডঃ ঈশাংকুৰ শইকীয়াই ইয়াৰ লগতে পোন প্ৰথমবাৰৰ বাবে স্মাৰ্ট ডিজিটেল ক্লাছ ৰূম এটা নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা উল্লেখ কৰে  । পিছত সাংস্কৃতি প্ৰশিক্ষক ধীৰাজ গগৈ আৰু ক্ৰীড়াৰ প্ৰশিক্ষক গৌতম দাসে অনুষ্ঠানটো আৰম্ভ কৰাৰ আ‍ঁৰৰ কথা অৱগত কৰি অনাগত সময়চোৱাত কিদৰে সময়সূচী আগুৱাই নিয়া হ'ব সেয়া উল্লেখ কৰে ।
উল্লেখযোগ্য এয়ে যে এই বছৰ হোলীৰ পিছতে মাধৱদেৱ কেৰিয়াৰ গাইডেন্স একাডেমি খোলা হ'ব। ইয়াত নিকেতন তথা বাহিৰৰ ছাত্ৰ ছাত্ৰীসকলক অঞ্চলটোৰ কৃতি শিক্ষকৰ দ্বাৰা পাঠদান কৰোৱা আৰু সাংস্কৃতিক, ক্ৰীড়া জগতৰ লগত পৰিচয় কৰি দিয়াৰ বাবে বিহু গীত, নৃত্য, ভাৰত নাট্যম্, সত্ৰীয়া নৃত্য, বিভিন্ন খেল ইত্যাদিৰ প্ৰশিক্ষণৰ ব্যৱস্থা আৰম্ভ কৰা হ'ব বুলি জানিব পৰা গৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা