মাজুলীত লোমহৰ্ষক কাণ্ড:দাৰ ঘাপত এজন গুৰুতৰ ভাবে আহত:

কৰ'না ভাইৰাছৰ আতংকৰ মাজতেই মাজুলীত এক লোমহৰ্ষক কাণ্ড:দাৰ ঘাপত এজন গুৰুতৰ ভাবে আহত:
পৰাণজ্যোতি বৰা, মাজুলী,৩০ মাৰ্চ:

চৌদিশে কৰ'না আতংকৰ মাজতেই মাজুলীৰ মলাপিন্ধা কৈৱত্য গাঁৱত সংঘটিত হৈছে এক লোমহৰ্ষক কাণ্ড । গাঁওখনৰ 
 কাৰ্তিক দাস নাম এজন যুৱকে  প্ৰিয়ৰাম দাস(৫৩) নামৰ এজন লোকক দাৰে ঘপিয়াই গুৰুতৰ ভাবে আহত কৰে।ঘটনাৰ বিৱৰণী অনুসৰি আজি পুৱা গাঁওখনৰ কাৰ্তিক দাস নামৰ  যুৱক জনে একেখন গাঁৱৰে প্ৰিয়ৰাম দাস নামৰ লোকজনৰ বাৰীত মনে মনে সোমাই বাঁহ কাটি আছিল। সেই সময়তেই প্ৰিয়ৰাম দাসে গৰু এৰাল দিবলৈ গৈ বাৰীত বাঁহ কাটি থকা প্ৰত্যক্ষ কৰি কিয় নুসোধাকে বাঁহ কাটিছে প্ৰশ্ন কৰাত বাঁহ কাটি থকা কাৰ্তিক দাসে প্ৰিয়ৰামৰ মূৰত বাঁহ কাটি থকা দাৰেই ঘাপ লগাই দিয়ে প্ৰিয়ৰামে গৰু খেদি নিয়া এচাৰি দালেই আত্ম ৰক্ষাৰ চেষ্টা কৰে যদিও বিফল হয়।গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত প্ৰিয়ৰামক গড়মূৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰি ১১ টাকৈ মূৰত চিলাই পৰিছে বুলি জানিব পৰাৰ লগতে বৰ্তমান প্ৰিয়ৰাম সংকট মুক্ত বুলি জানিব পাৰিছো।আনহাতে প্ৰিয়ৰাম দাসৰ পৰিয়ালে কাৰ্তিক দাসৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা