গোলাঘাটত ৰাজ্যিক শিশু সুৰক্ষা দিৱস উদযাপন

গোলাঘাটত ৰাজ্যিক শিশু সুৰক্ষা দিৱস উদযাপন : গোলাঘাট ,৫ মাৰ্চ : অসমৰ অন্যান্য ঠাইৰ লগতে গোলাঘাটতো কালি উদযাপন কৰে ৰাজ্যিক শিশু সুৰক্ষা দিৱস। গোলাঘাট জিলা প্ৰশাসন আৰু শিশু সুৰক্ষা গোটৰ উদ্যোগত কেন্দ্ৰীয় ভাৱে দেৰগাঁৱৰ ইন্দ্ৰানী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা দিৱসটিত আৰম্ভণিতে বিভিন্ন বিভাগৰ মূৰব্বী সকলে শিশু সুৰক্ষা আৰু অধিকাৰৰ অংগীকাৰেৰে শপত বাক্য পাঠ কৰে। অনুষ্ঠানত জিলা আইন সেৱা প্ৰাধিকাৰী নাৰায়ণ কুৰী,সহকাৰী আয়ুক্ত ড° টিংকুমণি বৰা,দেৰগাঁৱৰ সংলগ্ন চক্ৰ বিষয়া মনিষ ভঁৰালী ,বিদ্যালয়ৰ অধ্যক্ষা ড° জুৰি ডেকা , জিলা শিশু সুৰক্ষা বিষয়া বিকাশ ৰঞ্জন কোঁৱৰ,জিলা শিশু কল্যাণ সমিতিৰ সদস্য ডেভিদ কেৰৰ্কেটাৰ লগতে বহুকেইজন গণ্য - মান্য ব্যক্তি উপস্থিত আছিল। দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰী আৰু অংগনবাড়ীৰ শিশু সকলৰ মাজত বিভিন্ন উপহাৰ বিতৰণ কৰা হ'য়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা