গ্ৰাহকৰ সুবিধাৰ্থে নলবাৰীত হেল্পলাইন নম্বৰ মুকলি

*গ্ৰাহকৰ সুবিধাৰ্থে  নলবাৰীত হেল্পলাইন নম্বৰ মুকলি*


*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৩১ মাৰ্চ*


বৰ্তমান কৰ'ণা ভাইৰাছৰ ত্ৰাসৰ পৰা হোৱা পৰিস্থিতিত নলবাৰী জিলাত গ্ৰাহকসকলৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী সহজে আৰু কম দামত কিনিব পৰাকৈ এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে জিলা প্ৰশাসনে । গ্ৰাহকসকলৰ বৃহৎ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি মুকলি কৰা হেল্পলাইন নম্বৰটো হ'ল ৯৯৫৭৭০৭১৮৬ । এই নম্বৰটোত গ্ৰাহকসকলে অত্যাৱশ্যকীয় সামগ্ৰী সন্দৰ্ভত কিবা জানিব খুজিলে বা অভিযোগ দিব খুজিলে পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৭ বজাৰ ভিতৰত যোগাযোগ কৰিব পাৰিব ।
     এই সেৱা তৎকালীনভাৱে উপলব্ধ হ'ব আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব ।


*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা