৫০ লাখ বাংলাদেশী ৰেডিমেড ভোটাৰ আনি অসম-অসমীয়াক শেষ কৰিব বিচাৰিছে –ৰিপুন বৰা

ছহীদ খৰ্গেশ্বৰৰ গৃহভূমি ভৱানীপুৰত কংগ্ৰেছৰ ‘কা’ ৰ বিৰোধিতাৰে জনজাগৰণ যাত্ৰা

৫০ লাখ বাংলাদেশী ৰেডিমেড ভোটাৰ আনি অসম-অসমীয়াক শেষ কৰিব বিচাৰিছে –ৰিপুন বৰা

সঞ্জীৱ দাস, ভৱানীপুৰ, ৭মাৰ্চঃ আজি অসম আন্দোলনৰ প্ৰথম ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ গৃহ সমষ্টি ভৱানীপুৰ বিধান সভাৰ অন্তৰ্গত সৰুপেটাত ‘কা’ ৰ বিৰোধিতাৰে কংগ্ৰেছে ‘অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰা’ কাৰ্যসূচী ৰূপায়ণ কৰে। আজি দিনৰ ভাগত সৰুপেটাত কংগ্ৰেছৰ উদ্যোগত মিলন মন্দিৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা ‘কা’ বিৰোধী জনজাগৰণ সভাত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই তেওঁৰ উদাত্ত ভাষণত কয়- নৰেন্দ্ৰ মোডীয়ে ২০১৪ বৰ্ষৰ লোকসভা নিৰ্ব্বাচনৰ আগমুহূৰ্তত কৈছিল যে বিজেপি চৰকাৰ অহাৰ পিছদিনাই দেশৰ পৰা বিদেশীয়ে টালি-টেপোলা লৈ যাব লাগিব কিন্তু বিজেপি চৰকাৰ গঠন হোৱাৰ পাছতেই মোডীয়ে কৈছে যে দেশৰ পৰা এজনো বিদেশী, বাংলাদেশী যাব নোৱাৰে। ৫০ লাখ বাংলাদেশীক অনা হ’ব, তেওঁলোক মোৰ বুকুত থাকিব। ৫০ লাখ বাংলাদেশী অনাৰ বাবে এখন আইন বনাইছো। নাম তাৰ ‘কা’। মোডীৰ, বিজেপিৰ এনেধৰণৰ দেশ-জাতিধ্বংসী কাৰ্যৰ বিৰুদ্ধে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ ৰাইজেও ৰাজপথলৈ ওলাই আহিছে। অসমৰ পৰা মিছলীয়া, প্ৰতাৰক, জাতিধ্বংসী বিজেপিক চিৰ বিদায় দিয়াৰ বাবে ৰাইজ সাজু হোৱাৰ পিছত ‘কা’ বলবত্ কৰি বাংলাদেশৰ পৰা ৫০ লাখ ৰেডিমেড ভোটাৰ আনি বিজেপিয়ে অসমত পুনৰ চৰকাৰ গঠন কৰাৰ পঅপচেষ্টা চলাইছে। ৫০ লাখ বাংলাদেশী ৰেডিমেড ভোটাৰ আনি অসম-অসমীয়াক শেষ কৰিব বিচাৰিছে বিজেপিয়ে। বৰাই কয়- বিজেপিয়ে কা জাপি দি অসম আৰু অসমীয়াক অন্যায় কৰিছে। বিজেপিৰ অন্যায়ৰ বলি হোৱা সমগ্ৰ ভাৰতবাসীৰ লগতে অসমবাসীক উদ্ধাৰৰ বাবে জোৰদাৰ সংগ্ৰাম অব্যাহত ৰাখিছে। ‘কা’ বাতিল কৰিব পাৰিব একমাত্ৰ কংগ্ৰেছ দলেহে। ‘কা’ বাতিল কৰিব পৰা ক্ষমতা ইতিমধ্যে দেখুৱাই দিছে কংগ্ৰেছে। পূৰ্বে কংগ্ৰেছ সংখ্যাগৰিষ্ঠতা থকাৰ বাবে ৰাজ্যসভাত ‘কা’ গৃহীত হ’ব নিদিলে। লোকসভাত বিজেপিৰ সংখ্যাগৰিষ্ঠতা থকাৰ বাবেহে ‘কা’ গৃহীত হ’ল। তেনেদৰে কংগ্ৰেছৰ দখলত থকা মধ্য প্ৰদেশ, ছণ্ডিগড়, পাঞ্জাৱ, ৰাজস্থান, পণ্ডীচেৰীতো ‘কা’ প্ৰৱৰ্তন কৰিব নোৱাৰিলে। অসমত কংগ্ৰেছৰ হাতত ক্ষমতা নাই বাবেই ‘কা’ প্ৰৱৰ্তন হ’ল। ২০২১ ত অসমৰ ৰাইজে কংগ্ৰেছৰ হাতত ক্ষমতা দিলেহে ‘কা’ বাতিল হ’ব। তেনেদৰে ২০২৪ বৰ্ষতো ভাৰতবৰ্ষত কংগ্ৰেছৰ চৰকাৰ গঠন হলেহে সমগ্ৰ ভাৰতবৰ্ষতেই কা বাতিল হব। বিজেপিয়ে কয় কংগ্ৰেছে একো নকৰিলে দেশৰ বাবে কিন্তু কংগ্ৰেছে দেশৰ স্বাধীনতা নানিলে নৰেন্দ্ৰ মোডী, সৰ্বানন্দ, হিমন্তহঁতে আজি বৃটিছৰ গোলাম হৈ থাকিলেহেঁতেন। কংগ্ৰছে গঢ়ি যোৱা বিএছএএল, তৈলক্ষেত্ৰ, শোধানাগাৰ, বিমান আদিও বিক্ৰী কৰিলে বিজেপিয়ে। জীৱন বিমা নিগমো বিক্ৰী কৰিবলৈ ওলাইছে বিজেপিয়ে। কংগ্ৰেছে দেশৰ জৰুৰী অৱস্থাৰ বাবে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত সঞ্চয় কৰা ১ লাখ ৭৬ হেজাৰ কৌটি টকা খৰচ কৰিলে নৰেন্দ্ৰ মোডীয়ে। সেয়ে, নৰেন্দ্ৰ মোডী, সৰ্বানন্দ, হিমন্তহঁত দেশৰ কু-সন্তান। কংগ্ৰেছে গঢ়া দেশ বিজেপিয়ে ধ্বংস কৰিছে।     

ইপিনে, কংগ্ৰেছৰ অমস ৰাজ্যিক মুখপাত্ৰ কমল কুমাৰ মেধিয়ে কয়- " আছুৰ সভাপতি হৈ ৰাজনৈতিক কেৰিয়াৰ গঢ়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ বিদেশী বিতাৰণ আন্দোলনৰ প্ৰথম ছহিদ আমাৰ খৰ্গেশ্বৰ তালুকদাৰৰ আত্মাকো প্ৰতাৰণা কৰিছে৷ বিদেশী বিতাড়নৰ শপত লৈ মুখ্যমন্ত্ৰী হোৱা সোণোৱালে এতিয়া নতুনকৈ বিদেশী আনি জাতিটোক ধ্বংস কৰিব বিচাৰিছে৷ ছহিদৰ নাম উচ্চাৰণ কৰাৰ এতিয়া কোনো নৈতিক অধিকাৰ নাই মুখ্যমন্ত্ৰী সোণোৱালৰ৷ তেখেত ভৱানীপুৰলৈ আহক আৰু ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিচ্ছবিৰ সন্মুখত আহি ক্ষমা খোজক, নহ’লে জাতিটোক প্ৰতাৰণা কৰা সৰ্বকালৰ কুখ্যাত মুখ্যমন্ত্ৰী হিচাপে ইতিহাসত তেখেতৰ নাম থাকি যাব৷ ক্ষমতা যোৱাৰ পিছত কোনো অসমীয়াই তেখেতৰ কাষ নাচাপিব"। সভাত ভাষণ দি অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই কয়- জাতীয় নায়ক হোৱা সৰ্বানন্দ সোণোৱাল, জাতি-মাটি-ভেটি ৰক্ষাৰ সংকল্প লোৱা সৰ্বানন্দ সোণোৱাল জাতীয় খলনায়ক হল যে তেওঁৰ নিষ্টুৰতাৰ বলি হৈ তেওঁৰ বুলেটৰ আক্ৰমণত প্ৰাণ গল পাঁচগৰাকী অসমীয়া যুৱকৰ। আজি এইগৰাকী জাতীয় খলনায়কক খেদিবলৈ ওলাই আহিছে অসমৰ সৰ্বসাধাৰণ ৰাইজ। উল্লেখ্য, আজি এই প্ৰতিবাদী সভাত কংগ্ৰেছী বিধায়ক শুকুৰ আলী আহমেদেও ভাষণ দিয়াৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ নেতা-নেত্ৰী ক্ৰমেঃ ছলেমন আলী, আব্দুৰ ৰহিম আহমেদ, আব্দুৰ ৰহিম খান, দিগন্ত ভূষণ, ধীৰাজ দেউৰী, ইমদাদ হুছেইন, ৰামাল্লা আলী, শেৱালী দাস, প্ৰফুল্ল দাসৰ লগতে বৰপেটা জিলা কংগ্ৰেছ আৰু ভৱানীপুৰ-সৰুপেটা অঞ্চলৰ কংগ্ৰেছৰ বিভিন্ন নেতৃবৰ্গ উপস্থিত থাকি 'কা' ৰ বিৰোধিতাৰে বিশাল সমদল উলিয়াই।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা