ডিজিটেল ইণ্ডিয়াত আজিও বাঁহৰ সাঁকোৰে যাতায়ত ব্যৱস্থা নলবাৰীৰ গামাৰিমুৰীত- নিৰ্লিপ্ত কতৃপক্ষ

ডিজিটেল ইণ্ডিয়াত আজিও বাঁহৰ সাঁকোৰে যাতায়ত ব্যৱস্থা নলবাৰীৰ গামাৰিমুৰীত- নিৰ্লিপ্ত কতৃপক্ষ



*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১২ মাৰ্চ*


ডিজিটেল ইণ্ডিয়াত আজিও বাঁহৰ সাঁকোৰে যাতায়ত ব্যৱস্থা নলবাৰীৰ গামাৰিমুৰীত ৷ এইক্ষেত্ৰত আজি নিৰ্লিপ্ত বিভাগীয় কতৃপক্ষ ৷ নলবাৰী জিলাৰ ধৰ্মপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত এটা অতি গুৰুত্বপূৰ্ণ অঞ্চল গামাৰিমুৰী-পহলংপাৰা ৷ গামাৰিমুৰী-পহলংপাৰা অঞ্চলৰ মাজেৰে বৈ গৈছে চিৰ প্ৰৱাহিণী বুঢ়াদিয়া নৈ ৷ এই নৈৰ পাৰতে অৱস্থিত স্থানীয় ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদগাহ ময়দানখন ৷ নৈখনৰ দুয়োপাৰে থকা ধৰ্মপ্ৰাণ ৰাইজে বছৰেকত দুটাকৈ পবিত্ৰ ঈদৰ সমূহীয়া নামাজ ইয়াতেই সমাপন কৰে ৷ উল্লেখযোগ্য যে সাহপুৰ-নদলা গড়কাপ্তানি পথৰ পহলংপাৰা প্ৰাথমিক বিদ্যালয়ৰ চ'কৰ পৰা গাঁৱৰ মাজেৰে ফালৰি কাটি উক্ত ঈদগাহ ময়দান হৈ গামাৰিমুৰীলৈ বিস্তৃত পথটো কৈঠালকুছি-জোৱাৰ্দ্দি-সাহপুৰ-নদলা বজাৰ সংযুক্ত জোৱাৰ্দ্দি মেডিকেল চ'কৰ সমীপত মিলিত হৈছে ৷ বৃহত্তৰ অঞ্চলটোৰ কৃষক ৰাইজে বুঢ়াদিয়া নৈৰ গামাৰিমুৰী ঘাটত খৰালি এডাল ভলুকা বাঁহৰ সাঁকোৰে আজিকোপতি যাতায়ত অব্যাহত ৰাখিছে ৷ বাৰিষা যাতায়ত বন্ধ হোৱাৰ লগে লগে অঞ্চলবাসীয়ে যাতনা ভূগীবলগীয়া হয় ৷ উল্লেখ্য যে বাৰিষা চাৰিডাল, পাঁচডাল আঁঠিয়া কলেৰে নিৰ্মিত ভূৰেৰে পথচাৰীয়ে মৰণত শৰণ দি এইফালেদিয়েই উপায়ন্তৰ হৈ অহা-যোৱা কৰিবলগীয়া হয় ৷ কৃষিপ্ৰধান অঞ্চলটোৰ ৰাইজে উক্ত স্থানত এখন স্থায়ী দলং নিৰ্মাণৰ দাবী জনাইছে যদিও দাবী পূৰণৰ প্ৰতি কাণসাৰ নাই বিভাগীয় কতৃপক্ষৰ ৷


*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা