গোলাঘাটত নেহৰু যুৱ কেন্দ্ৰৰ তিনিদিনীয়া প্ৰশিক্ষণ সম্পন্নঃ -

গোলাঘাটত নেহৰু যুৱ কেন্দ্ৰৰ   তিনিদিনীয়া প্ৰশিক্ষণ সম্পন্নঃ -----------------------------------গোলাঘাট,১৭ মাৰ্চ :
ভাৰত চৰকাৰৰ যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনৰ নেহৰু যুৱকেন্দ্ৰ গোলাঘাটৰ উদ্যোগত যোৱা ১১, ১২ আৰু ১৩ মাৰ্চত গোলাঘাটৰ এ.ভি.ভি. হলত অনুষ্ঠিত হয় এক যুৱ দক্ষতা বিকাশ প্ৰশিক্ষণ ৷ নেহৰু যুৱকেন্দ্ৰৰ সমন্বয়ক শুভম শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত “যুৱ নেতৃত্ব আৰু জাতীয় উন্নয়ন” শীৰ্ষক তিনিদিনীয়া প্ৰশিক্ষণৰ শুভ উদ্ধোধন কৰে অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডা° শ্ৰীবৎস গোপাল গোস্বামীয়ে আৰু বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে পৰিৱহণ নিগমৰ গোলাঘাটৰ অধীক্ষক প্ৰদীপ কলিতা, শিক্ষক সঞ্জীৱ চেতিয়া আদিয়ে ৷ প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে অপূৰ্ব শইকীয়া, দীপ হেষ্টিংছ বৰি আৰু দিনমণি ফুকনে ৷ তেওঁলোকে যুৱক যুৱতীসকলক যুৱ নেতৃত্ব, জাতি আৰু সমাজ গঠন, ব্যক্তিত্ব আৰু দক্ষতা বিকাশ, ৰাষ্ট্ৰ নিৰ্মাণ, দৰ্যোগ নিৰ্বাপন, সংস্কৃতি আৰু পৰম্পৰা বিষয়ত গভীৰ প্ৰশিক্ষণ দিয়ে ৷ অন্তিম দিনাৰ সামৰণী অনুষ্ঠানত গীত, নৃত্য পৰিৱেশন কৰে প্ৰাণদীপ বৰা, জয়ন্ত মাধৱ শইকীয়া, পবিত্ৰ দাস, দীক্ষিতা বৰা, গায়ত্ৰী বৰা, ৰূপাঞ্জলী দাস, জিজ্ঞাসা শইকীয়া আদিয়ে ৷ লগতে যুৱক-যুৱতীসকললৈ প্ৰমাণ পত্ৰ বিতৰণ কৰা হয় ৷ শেষত অনুষ্ঠানটো সুন্দৰকৈ সম্পন্ন হোৱাত আয়োজকৰ হৈ অৰুণ চক্ৰৱৰ্তীয়ে সকলোকে শলাগ লয় ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা