সি-ব্ৰাই বাথৌ আশ্ৰম স্কুলত আধাৰশিলা স্থাপন

সি-ব্ৰাই বাথৌ আশ্ৰম স্কুলত আধাৰশিলা স্থাপন

সঞ্জীৱ দাস, ভৱানীপুৰ, ১০ মাৰ্চঃ ভৱানীপুৰৰ নিকটৱৰ্তী গেৰুৱাপাৰাস্থিত সি-ব্ৰাই বাথৌ আশ্ৰম স্কুলত জিৰণি চ'ৰা আৰু চাইকেল ষ্টেণ্ডৰ আধাৰশিলা কালি স্থাপন কৰা হয়। এই মাংগোলিক অনুষ্ঠানটো উদ্বোধন কৰে গেৰুৱাপাৰা গাঁও পঞ্চায়তৰ সভাপতি মামনী দাস আৰু শিল্পী-অৱসৰী শিক্ষক ঘনশ্যাম স্বৰ্গীয়াৰীয়ে। আধাৰশিলা স্থাপন অনুষ্ঠানটোত উপস্থিত থাকে ক্ৰমেঃ  গেৰুৱাপাৰা গাঁও পঞ্চায়তৰ সচিৱ কল্পৰঞ্জন চৌধুৰী, কণিষ্ঠ অভিযন্তা হিৰণ্য শৰ্মা, জে পি চি দেৱজিৎ কাকতি, সমাজকৰ্মী হৰেণ গয়াৰী, সি-ব্ৰাই বাথৌ আশ্ৰম স্কুলৰ অধ্যক্ষ সনাতন গয়াৰী, সমাজকৰ্মী সুভাষ দাস আদিয়ে। উল্লেখ্য, চৰকাৰী এক আঁচনিৰ জৰিয়তে উক্ত জিৰণি চ'ৰা আৰু চাইকেল ষ্টেণ্ডটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ হয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা