সংসদৰ চলিত অধিৱেশনতে কোচ ৰাজবংশী জনগোষ্ঠীটোৰ জনজাতিকৰণৰ সমস্যাটো সমাধান কৰক

বিজেপি চৰকাৰলৈ কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ দাবী  

সংসদৰ চলিত অধিৱেশনতে কোচ ৰাজবংশী জনগোষ্ঠীটোৰ জনজাতিকৰণৰ সমস্যাটো সমাধান কৰক

ৰাজ্যসভাৰ খালী হোৱা আসনত জনগোষ্ঠীটোৰ ব্যক্তিক নিৰ্বাচিত কৰিবলৈকো দাবী  


বঙাইগাঁওঃ ২ মাৰ্চঃ সংসদৰ চলিত অধিৱেশনতে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ সমস্যাটো সমাধান কৰিবলৈ চৰকাৰক দাবী জনাইছে কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে ৷ অন্যথা আগন্তুক দিনত বিজেপিয়ে তাৰ ফল ভুগিব লাগিব বুলিও হুংকাৰ দিছে ৷ আজি এক প্ৰেছ বিবৃতিত  কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি অতুল ৰায়ে কয় যে কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যাটো সমাধান কৰাৰ বাবে অসম চৰকাৰৰ বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পাঁচজনীয়া মন্ত্ৰী গোটৰ সমিতি গঠন কৰি দিয়া প্ৰায় এবছৰ হ'ল ৷ কিন্তু আজিলৈকে সমস্যাটো সমাধান কৰাৰ বাবে কোনোধৰণৰ বাস্তৱ পদক্ষেপ নললে ৷ বিগত ২০১৯ ৰ লোক সভাৰ নিৰ্বচনৰ প্ৰাকমুহুৰ্তত মন্ত্ৰী গোট আৰু সংগঠসমূহৰ মাজত বৈঠক অনুষ্ঠিত হৈছিল যদিও বিষয়টোৰ কোনো ধৰণৰ সমাধানৰ সূত্ৰ গ্ৰহণ নকৰিলে ৷ তাৰ পিছতো আজিলৈকে কোনো ধৰণৰ সমাধানৰ বাস্তৱ ব্যৱস্থা নহ'ল ৷ গতিকে ইয়াৰ পৰা বুজা যায় যে বিজিপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰখনৰ জজাতিকৰণৰ সমস্যাটো সমাধান কৰাৰ যে আচলতে কোনো সদিছা  নাই ৷ আচলতে বিজেপি চৰকাৰখনে জনজাতিকৰণৰ বিষয়টো কেৱল নিৰ্বাচনী ইছ্যু হিচাপেহে ব্যৱহাৰ কৰি আহিছে ৷ বিবৃতিটোত কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি ৰায়ে যে সংসদৰ চলিত অধিৱেশনতে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ সমস্যাটো সমাধান কৰিবলৈ চৰকাৰক দাবী জনাইছে ৷ অন্যথা আগন্তুক দিনত বিজেপিয়ে তাৰ ফল ভুগিব লাগিব বুলিও কয় ৷ ইপিনে ৰাজ্যসভাৰ খালী হোৱা আসনত বিজেপি দল তথা চৰকাৰক কোচ ৰাজবংশী জনগোষ্ঠীৰ ব্যক্তিক নিৰ্বাচিত কৰাৰ বাবে দাবী জনাই সভাপতিগৰাকীয়ে কয় যে ৰাজনৈতিকভাৱে নিস্পেষিত জনগোষ্ঠীটোৰ এগৰাকীও প্ৰতিনিধি ৰাজ্যসভা আৰু লোকসভাত শাসনাধিস্থ বিজেপি দলৰ পৰা নাই ৷ সেয়ে জনগোষ্ঠীটোৰ এগৰাকী ব্যক্তিক ৰাজ্যসভালৈ নিৰ্বাচিত কৰি পঠিয়াবলৈ বিজেপি দল তথা চৰকাৰক দাবী জনাইছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা