বিষ্ণুতীৰ্থ শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়ৰ অশোক অষ্টমী পৰ্ব উদযাপন স্হগিত

বিষ্ণুতীৰ্থ শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়ৰ অশোক অষ্টমী পৰ্ব উদযাপন স্হগিত

পঙ্কজ নাথ, চাংসাৰি, ৩০ মাৰ্চ:

কামৰূপ জিলাৰ অন্তৰ্গত তীৰ্থনগৰী উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত পুৰাণ প্ৰসিদ্ধ বিষ্ণুতীৰ্থ শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়ত হবলগীয়া অশোকঅষ্টমী পৰ্ব স্হগিত ৰখা হৈছে । শ্রী শ্ৰী অশ্বক্লান্ত দেৱালয়ক অসমৰ গয়া তীৰ্থ হিচাপে জনা যায়। প্ৰতি বছৰে চ'ত মাহৰ শুক্লা অষ্টমী তিথিত অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ অগনন ভক্তৰ সমাগমেৰে অশোকাষ্টমী উদযাপন কৰা হয়। উক্তদিনা ভক্তসকলে পিতৃপুৰুষৰ উদ্ধাৰৰ কাৰণে অস্থি ক্ষেপন, পিণ্ডদান, তৰ্পন আদি কৰিবলৈ আহে। অহা মাহৰ ১ তাৰিখ বুধবাৰে অনুষ্ঠিত হব লগীয়া অশোকঅষ্টমী পৰ্ব ক'ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ভাৰত চৰকাৰে ২১ দিনৰ দেশজুৰি লকডাউন ঘোষণা কৰিছে তাৰেই পৰিপ্ৰেক্ষিতত স্হগিত ৰখা হৈছে বুলি অশ্বক্লান্ত দেৱালয়ৰ পৰিচালনা সমিতিৰ দলৈ লক্ষেশ্বৰ শৰ্মাই জনাইছে । শৰ্মাই চৰকাৰৰ নিদেৰ্শৰ প্ৰতি সঁহাৰি জনাই এই অশোকাষ্টমী পৰ্ব সৰ্বসন্মতি ক্ৰমে ক্ৰমে স্হগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে বুলি সংবাদ মাধ্যমক জানিবলৈ দি দেৱালয় পৰিচালনা সমিতিৰ সদস্যবৃন্দ, পুৰোহিত সমাজৰ তৰফৰ পৰা কৰ্মজনাৰ্দন আৰু অনন্তশায়ী নাৰায়ণৰ ওচৰত সমগ্ৰ বিশ্বৰ জনগনকে কালৰূপী ক'ৰোনা ভাইৰাছৰ পৰা পৰিত্ৰাণ কৰাৰ পৰা প্ৰাৰ্থনা জনাই।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা