বঙাইগাঁৱত স্নেহ প্ৰকল্পৰ জৰিয়তে অংগনবাড়ী কেন্দ্ৰৰ দায়িত্ব গ্ৰহণ আঁচনি

বঙাইগাঁৱত স্নেহ প্ৰকল্পৰ জৰিয়তে অংগনবাড়ী কেন্দ্ৰৰ দায়িত্ব গ্ৰহণ আঁচনি
  
মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে  কৰিলে উদ্বোধন 

বঙাইগাঁওঃ ১০ মাৰ্চঃ বঙাইগাঁও চহৰৰ বীৰঝৰা চাহ বাগানত আজি বঙাইগাঁও জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগিতাত পোষন পষেকৰ লগত সংগতি ৰাখি স্নেহ নামেৰে এক প্ৰকল্পৰ জৰিয়তে অংগনবাড়ী কেন্দ্ৰৰ দায়িত্ব গ্ৰহণ আচঁনিৰ শুভ উদ্বোধন কৰা হয় । বীৰঝৰা চাহ বাগান, ছিটকাগাওঁ হীৰাপাৰা, ছিটকাগাওঁ চাপৰাকাটা অংগনবাড়ী কেন্দ্ৰসমুহৰ ভিতৰত প্ৰথমটো কেন্দ্ৰত মাংগলিক কাৰ্য অনুসৰি নাৰিকল ভাঙি দ্বাৰ উন্মোচন কৰে বিশিষ্ট  অতিথি তথা অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণী ভূষণ চৌধুৰী। এই কাৰ্যত মন্ত্ৰী গৰাকীক সহায় কৰে বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া আৰু উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি পল্লৱী সৰকাৰে । কেন্দ্ৰটোৰ দ্বাৰ  মুকলি কৰি মন্ত্ৰীগৰাকীষ্ট নিজৰ ভাষণত জিলা সমাজ কল্যাণ বিভাগটোৰ লগতে ইয়াৰ লগত জড়িত সহকৰ্ম্মীবৃন্দক উদ্দেশ্যি কয় যে প্ৰয়োজনীয় পুষ্টিৰ যোগানেৰে শিশুৰ স্বাস্থ্য সুৰক্ষা সুনিশ্চিত কৰিব পৰা যায় । সেয়ে এই অভিযানটোৰ মাধ্যমৰে শিশু, কিশোৰ আৰু গৰ্ভৱতী মহিলা, আই -মাতৃৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় পুষ্টি যোগান ধৰিবলৈ সংশ্লিষ্ট বিভাগটোক আহবান জনায় । এই অনুষ্ঠানটোত ৰাইজৰ আৰ্থিক সাহাৰ্যৰ বাবে এটা অক্ষয় দানপাত্র মজুত ৰখা হয় । থৰতে পাত্রটোত বিভিন্ন জনে আৰ্থিক সাহাৰ্য প্ৰদান কৰে । বঙাইগাঁও সদৰৰ কৈলাস আগৰৱাল , দিগম্বৰ জৈন সমাজ , দিগম্বৰ জৈন মহিলা মণ্ডলয়ে উপস্থিত থাকি অক্ষয় দান পাত্রত আৰ্থিক সাহাৰ্য দান কৰে ৷ তথা উক্ত কেন্দ্ৰসমূহৰ দায়িত্ব গ্ৰহণ কৰে ৷ অনুষ্ঠানত উপস্থিত থকা বিভিন্নজনৰ মাজত গছপুলি আৰু শিশু ল'ৰা- ছোৱালী উভয়ৰে মাজত ফলমূল বিতৰণ কৰা হয় । একেদৰে মন্ত্ৰী গৰাকীয়ে ছিটকাগাঁও হীৰাপাৰা আৰু ছিটকাগাঁও চাপৰাকাটা অংগনবাদী কেন্দ্ৰ দুটাও আজিয়ে শুভ উন্মোচন কৰে । এই অনুষ্ঠানত বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক সিংহৰাম মিলি , উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি পল্লৱী সৰকাৰ , অংগনবাদী সহায়ক আৰু কৰ্ম্মী সকলকে প্ৰমুখ্যে কৰি বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকল আৰু স্থানীয় ৰাইজ উপস্থিত  থাকে ।    

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা