বিজেপি-বিপিএফৰ বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা নহয় : বিধায়ক অশোক শৰ্মা

#বিটিচি নিৰ্বাচন
#শালবাৰীত ৬ প্ৰাৰ্থী, মথনগুৰিত ১২ প্ৰাৰ্থীৰ মনোনয়ন দাখিল
#ইউপিপিএলৰ প্ৰাৰ্থী বিনোদ মছাহাৰী, বিজেপি প্ৰাৰ্থী গৌতম দাসৰ শক্তি প্ৰদৰ্শন
#বিজেপি-বিপিএফৰ বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা নহয় : বিধায়ক অশোক শৰ্মা

সঞ্জীৱ দাস, ভৱানীপুৰ, ১৮ মাৰ্চ : বিটিচি নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্বৰ আজি অন্তিম দিনা শালবাৰী মহকুমা সদৰত শালবাৰী সমষ্টি আৰু মথনগুৰি সমষ্টিৰ পৰা কেবাগৰাকীও প্ৰাৰ্থীৰ মনোনয়ন দাখিল কৰা পৰ্বত অংশগ্ৰহণ কৰি হেজাৰ-হেজাৰ সমৰ্থকে নিৰ্বাচনী উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। উল্লেখ্য যে, শালবাৰী সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী বিনোদ মছাহাৰীয়ে প্ৰায় আঠ সহস্ৰাধিক দলীয় নেতা-কৰ্মী-সমৰ্থকক লৈ শালবাৰীত এক বিশাল সমদল উলিয়াই শালবাৰীৰ মহকুমাধিপতিৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে। বিনোদ মছাহাৰীৰ মনোনয়ন পত্ৰ দাখিল পৰ্বত ইউপিপিএল দলৰ কেন্দ্ৰীয় সংখ্যালঘু কোষৰ সভাপতি হানিফ আলী আহমেদ, কেন্দ্ৰীয় মহিলা কোষৰ সাধাৰণ সম্পাদিকা বিউটি বসুমতাৰী, দলটোৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদকদ্বয় সৌৰভ কুমাৰ দাস, কনক চন্দ্ৰ বড়োকে ধৰি কেবাগৰাকীও নেতা-নেত্ৰীয়ে সংগ দিয়ে। শালবাৰী সমষ্টিৰ এমচিএলএ চক্ৰধৰ দাসে গণ সুৰক্ষা পাৰ্টিৰ মনোনীত প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল কৰে। দাসৰ স'তে গণ সুৰক্ষা পাৰ্টিৰ জ্যেষ্ঠ নেতা ব্ৰজেন মহন্তৰ লগতে বহুসংখ্যক দলীয় কৰ্মী-সমৰ্থকে শালবাৰীত এক সমদলেৰে মনোনয়ন দাখিল কৰে শালবাৰীৰ মহকুমাধিপতিৰ কাৰ্যালয়ত। শালবাৰী সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী বিশ্বজিৎ বসুমতাৰী, নিৰ্দলীয় প্ৰাৰ্থীৰূপে পূৰ্ণ গয়াৰী আৰু ভিপিআইৰ মনোনীত প্ৰাৰ্থী ৰাউনী বসুমতাৰীয়েও আজি নিজৰ নিজৰ দলীয় কৰ্মী-সমৰ্থকক লগত লৈ শালবাৰীৰ মহকুমাধিপতিৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে।
ইপিনে, মথনগুৰি সমষ্টিৰ পৰা বিজেপি দলৰ মনোনীত প্ৰাৰ্থী তথা সমষ্টিটোৰ এমচিএলএ গৌতম দাসে আজি পাঁচ সহস্ৰাধিক দলীয় নেতা-কৰ্মী-সমৰ্থকক লগত লৈ শালবাৰীৰ মহকুমাধিপতিৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে। গৌতম দাসৰ মনোনয়ন দাখিলত সংগ দিয়ে বিজেপি বিধায়ক অশোক শৰ্মা, দলৰ অসম ৰাজ্যিক নেতা শংকৰ দাসৰ লগতে কেবাগৰাকীও নেতাই। তদুপৰি মথনগুৰি সমষ্টিৰ পৰা ইউপিপিএল দলৰ প্ৰাৰ্থী ছাহজাহান আলী, গণ সুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থী ফাৰাহাদ আলী, ভিপিআই দলৰ প্ৰাৰ্থী ৰফিকুল ইছলাম, নিৰ্দলীয়ৰূপে ক্ৰমেঃ ৰুহি ৰাজবংশী আৰু লোকেন গয়াৰীয়েও নিজৰ-নিজৰ কৰ্মী-সমৰ্থকক লগত লৈ সমদল উলিয়াই শালবাৰীৰ মহকুমাধিপতিৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে।
আনফালে, মনোনয়ন দাখিল কৰি মথনগুৰি সমষ্টিৰ এমচিএলএ তথা বিপিএফ ত্যাগ কৰি বিজেপিৰ প্ৰাৰ্থী হোৱা গৌতম দাসে সংবাদ মাধ্যমৰ আগত কয় যে, মথনগুৰি সমষ্টিত এইবাৰৰ নিৰ্বাচনত মোক বিজেপি প্ৰাৰ্থীৰূপে সংখ্যাধিক ৰাইজৰে বিচৰাৰ বাবেই মই বিপিএফ ত্যাগ কৰি বিজেপি দলৰ প্ৰাৰ্থী হ'লো। বিপিএফ দলে বিটিচিৰ উন্নয়ন সঠিকভাৱে কৰিব নোৱাৰে। সমগ্ৰ ভাৰতবৰ্ষতেই উন্নয়নৰ জোঁৱাৰৰ সৃষ্টি কৰা বিজেপিৰ দ্বাৰাহে বিটিচিৰ উন্নয়ন সম্ভৱ হ'ব। গৌতম দাসে বিপুল ভোটত তেওঁৰ বিজয়ি নিশ্চিত বুলিও দাবী কৰে। আনহাতে, বিজেপি বিধায়ক অশোক শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে, বিটিচিত এইবাৰ বিজেপিৰ নেতৃত্বতহে চৰকাৰ গঠন হ'ব। অন্য দলে বিটিচিত চৰকাৰ গঠন কৰিব নোৱাৰে। বিটিচিৰ তথা বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ প্ৰতি বিষোদগাৰ প্ৰকাশ কৰি বিধায়ক শৰ্মাই কয়- হাগ্ৰামা মহিলাৰীয়ে বিটিচিত বিপিএফ-বিজেপিয়ে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰা বুলি প্ৰচাৰ কৰিছে যদিও এয়া সম্পূৰ্ণ অসত্য। বিটিচি নিৰ্বাচনত বিজেপি-বিপিএফৰ বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা নহয়। বিজেপিয়ে বিটিচিত বিপিএফৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা অৱতীৰ্ণ হৈছে। 
আন এক উল্লেখ্য যে, কালি শালবাৰী সমষ্টিৰ পৰা বিপিএফৰ প্ৰাৰ্থী বেগম আকতাৰা আহমেদ, অবড়ো সুৰক্ষা সমিতি সমৰ্থিত গাজিবৰ ৰহমান, চিপিআই(এম)ৰ প্ৰাৰ্থী সুৱল চন্দ্ৰ দাসে মনোনয়ন দাখিল কৰিছে। কথনগুৰি সমষ্টিত মুঠ ১২ গৰাকী প্ৰাৰ্থী আৰু শালবাৰী সমষ্টিত মুঠ ৬ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা