জামুগুৰিহাটৰ মনজিৎ দিহিঙীয়ালৈ আন্তঃৰাষ্ট্ৰীয় আইকন এৱাৰ্ড

#জামুগুৰিহাটৰ মনজিৎ দিহিঙীয়ালৈ আন্তঃৰাষ্ট্ৰীয় আইকন এৱাৰ্ড

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,৬ মাৰ্চ:জামুগুৰিহাটৰ কুসুমটোলাস্থ দ্বাদশ অসম আৰক্ষী বাহিনীৰ জোৱান,সুদক্ষ ক্ৰীড়াবিদ তথা বিশ্ব অভিলেখৰ গৰাকী মনজিৎ দিহিঙীয়ালৈ আগবঢ়োৱা হৈছে ২০২০ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় আইকন এৱাৰ্ড৷ ভাৰত চৰকাৰৰ মান্যতাপ্ৰাপ্ত সংস্থাৰ নেচনেল এন্টি হাৰাচমেন্ট ফাউণ্ডেছনৰ ফালৰ পৰা আগবঢ়োৱা এই বঁটা যোৱা ২২ ফেব্ৰুৱাৰীত গ্ৰহণ কৰা হয়৷মধ্য প্ৰদেশৰ হোটেল বিৰাট এণ্ড ৰিছৰ্চ ইণ্ডৰত এই উপলক্ষে অনুষ্ঠিত হোৱা সভাত মনজিৎ দিহিঙীয়াৰ হৈ এই বঁটা গ্ৰহণ কৰে ক্ৰীড়াবিদ অচিম আক্ৰম মাল্লাই৷সমাজ তথা ক্ৰীড়াৰ লগতে অন্যান্য ক্ষেত্ৰত দেশৰ হৈ অৱদান আগবঢ়োৱা ভাৰতৰ বিভিন্ন ৰাজ্যৰ এশ গৰাকী ব্যক্তিক এই সংস্থাটোৰ পৰা পুৰস্কৃত কৰা হয় আৰু এই ক্ষেত্ৰত অসমৰ পৰা নিৰ্বাচিত হোৱা দ্বাদশ অসম আৰক্ষী বাহিনীৰ জোৱান মনজিৎ দিহিঙীয়া হৈছে একমাত্ৰ ব্যক্তি৷উল্লেখযোগ্য যে খালি ভৰিৰে গহপুৰৰ পৰা জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ দলঙলৈকে আৰু পুনৰ জীয়াভৰলী দলঙৰ পৰা গহপুৰলৈকে ২০২ কি:মি দুৰত্ব একেৰাহে ২৫ ঘন্টাৰ ভিতৰত দৌৰি বিশ্ব অভিলেখ গঢ়াৰ লগতে গহপুৰৰ পৰা কুসুমটোলালৈ ৮০ কি:মি দুৰত্ব হেণ্ডেল স্পৰ্শ নকৰাকৈ চাইকেল চলাই আৰু এই চলন্ত চাইকেলৰ ওপৰত অসমীয়া লোকবাদ্য পৰিৱেশন কৰি বিশ্ব অভিলেখ গঢ়ি ওৱৰ্ল্ড ৰেকৰ্ড ইউনিভাৰ্চিটি (ইউকে)ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল মনজিৎ দিহিঙীয়াই৷শেহতীয়াভাৱে ভাৰত চৰকাৰৰ মান্যতা প্ৰাপ্ত সংস্থা নেচনেল এন্টি হাৰাচমেন্ট ফাউণ্ডেছনে সুদক্ষ ক্ৰীড়াবিদ গৰাকীলৈ আগবঢ়োৱা  আন্ত:ৰাষ্ট্ৰীয় আইকন পুৰস্কাৰৰ খবৰে স্বাভাৱিকতেই দিহিঙীয়াৰ অনুগামী সকলক উৎফুল্লিত কৰাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে দিহিঙীয়াক অভিনন্দন জ্ঞাপন কৰিছে৷
 জোন বৰা ,জামুগুৰিহাট৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা