শিৱসাগৰত আছুৰ প্ৰতিবাদঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোদ্ধে গণ অৱস্থানত বহিল আছু

শিৱসাগৰত আছুৰ প্ৰতিবাদঃ  নাগৰিকত্ব সংশোধনী আইনৰ বিৰোদ্ধে গণ অৱস্থানত বহিল আছু


ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ১৪ মাৰ্চ : শিৱসাগৰত আছুৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোদ্ধে প্ৰতিবাদ ৷

সদৌ শিৱসাগৰ ছাত্ৰ সন্থাৰ আহ্বানত কা বাতিলৰ দাবীত শিৱসাগৰ নগৰত ২ ঘন্টীয়া  গণ অৱস্থান কাৰ্যসূচী ৷ 

জাতিধ্বংসী কা বিজেপি  চৰকাৰে বলপূৰ্বক ভাবে জাতিৰ ওপৰত জাপি দিয়া বুলি ক্ষোভ আছুৰ 

ৰাইজৰ আন্দোলনক আওকাণ কৰি  চৰকাৰে কৰা  অন্যায়ৰ  প্ৰতিবাদত আছুৱে  আন্দোলন কৰি আহিছে আৰু  এই ক'লা আইন খন প্ৰত্যাহাৰ নোহোৱা পৰ্যন্ত আন্দোলনৰ হুংকাৰ আছুৰ ৷ ৰাইজক কা বিৰোধী সংগ্ৰামত জড়িত হোৱাৰ আহ্বান
 
২০২১ ত বিজেপিক  উচিত প্ৰত্যুত্তৰ দিয়া হব ৷   ৰাইজক একত্ৰিত হৈ ২১ ৰ নিৰ্বাচনত বিজেপিক উৎখাতৰ  আহ্বান আছুৰ ৷ বিজেপিৰ  প্ৰলোভনৰ ৰাজনীতিয়ে আছু আৰু ৰাইজক বিভ্ৰান্ত কৰিব নোৱাৰে  বুলি কলে আছু নেতৃত্বই ৷

আগন্তুক বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে এক বিকল্প শক্তিৰ প্ৰসংগও পুনৰ দোহাৰিলে আছুৱে ৷  বিৰোধী শক্তিৰে মিলি ঐক্যবদ্ধ ভাবে নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদানৰ পোষকতা ৷

@______________________


 শিৱসাগৰত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

 


ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ১৪ মাৰ্চ :  শিৱসাগৰতকা ৰ বিৰোদ্ধে জোৰ সমদলৰে প্ৰতিবাদ সাব্যস্ত সংগঠনটোৰ ৷ শিৱসাগৰ চহৰত সংগঠনটোৰ শতাধিক সদস্যই জোৰ সমদলেৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷

কোনো কাৰণতে কা মানি লোৱা নহব বুলি স্পষ্ট কৰিলে সংগঠনটোৱে ৷ অহা ১৮ মাৰ্চত গুৱাহাটীৰ লতাশিল খেলপথাৰত প্ৰতিবাদ সাব্যস্ত কৰিব সংগঠনটোৱে ৷ 

অখিল গগৈৰ লগতে সকলো কাৰাবন্দীক মুক্তিৰ দাবী

শিল্পী মানস ৰবীনক কৰা আক্ৰমণক তীব্ৰ সমালোচনা সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ ৷ বিজেপিয়ে চৰম উদ্ধতালিৰে অসমীয়াৰ বাপতি সাহোন বিহুটোকে গেৰুৱা কৰণ কৰাৰ অপচেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন কৰি বিজেপিক সকীয়নি সংগ্ৰামী যুৱ ছাত্ৰৰ ৷ থাওৰাৰ বিধায়ক কুশল দুৱৰীক সকীয়নি সংগঠনটোৰ ৷ 

বিধায়ক শিলাদিত্য দেৱে ৰঙালী বিহুক বঙালী বিহু বুলি কোৱা ঘটনাৰো তীব্ৰ প্ৰতিক্ৰিয়া সংগঠনটোৰ ৷ এনে উদ্ধতালি কোনো কাৰণতে মানি লোৱা নহব—  সকীয়নি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা