আর্থিক দৈন্যতাত একালৰ নলবাৰীৰচামতাৰ সমাজকর্মী, শিল্পী, ক্ৰীড়া-সংগঠক ভূপেন শর্মা

আর্থিক দৈন্যতাত একালৰ নলবাৰীৰচামতাৰ সমাজকর্মী, শিল্পী, ক্ৰীড়া-সংগঠক ভূপেন শর্মা  সম্প্ৰতি শয্যাগত- নাই কোনো চৰকাৰী স্বীকৃতি, সাহায্য


*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৬ মাৰ্চ*




পশ্চিম নলবাৰী অঞ্চলৰ এজন শিল্পী, সমাজকর্মীয়ে আর্থিক দৈন্যতাৰ বাবে শয্যাগত হৈ থাকিবলগীয়া হোৱাত সচেতন মহলৰ মাজত গভীৰ অসন্তুষ্টি প্রকাশ ঘটিছে ৷ ডেকা কালত সকলো কামতে অঞ্চলটোৰ সমাজৰ কামত আগভাগ লৈ আজি বিচনাত পৰি থকাত কাৰো খবৰ লোৱাৰ সময় নাই ৷ উল্লেখ্য যে চামতা হাতীৰপিঠি নিবাসী বিশিষ্ট প্রবীন শিল্পী ভূপেন শর্মাই বর্তমান শ্বাস-প্রশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ নিজ গৃৃৃহতেই ৰুগীয়া অৱস্থাৰে থাকিবলগা হোৱাত ৰাইজৰ মনত গভীৰ দুখে ভৰি পৰে ৷ শর্মাই কর্মসুত্রে ডিগবৈত থকা সময়ত বন্ধু ক্ষেত্রধৰ শর্মা আৰু অনুজ বৰুৱাৰ লগত মিলি 'পূর্বাঞ্চল' নামৰ এখন পষেকীয়া কাকত প্রকাশ কৰি সেইখনৰ সম্পাদনাৰ দায়িত্ব লোৱা ভূপেন শর্মাই পৰৱর্তী সময়ত চামতাত 'পার্বতী এজেঞ্চী' খুলি পশ্চিম নলবাৰী অঞ্চলত এক সুকীয়া আসন দখল কৰে । লেখা-মেলাৰ প্রতি আগ্রহী শর্মাই ডেকাকালত বিভিন্ন অপেছাদাৰী নাট্যগোষ্ঠীৰ লগত জড়িত হৈ কুৰিখনৰো অধিক নাটকত বলিষ্ঠ অভিনয় কৰি সকলো দর্শকৰ মন মুহিবলৈ সক্ষম হৈছিল ।নৰকাসুৰ, চং, টেক্মীড্রাইভাৰ, চিৰাজ, আনাৰকলি, বৰুৱাৰ সংসাৰ, টিপু চুলতান, উপপথ আদি নাটকত সু-নিপুন অভিনেতাৰ আসন গ্রহণ কৰিছিল ৷ তাৰোপৰি তেখেতে গঙাটোপ, ছাই, অচিন কইনা আদি বহুকেইখন একাঙ্কিকা নাট ৰচনা কৰিছিল ৷ শর্মা এগৰাকী ক্ৰীড়া সংগঠক হিচাপে নিজৰ সুকীয়া পৰিচয় বহন কৰিবলৈও সক্ষম হৈছিল ৷ চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ প্রতিষ্ঠা কালৰ পৰা ওতঃপ্রোতভাৱে জড়িত  শর্মাই সংঘৰ কে'বাবছৰো সম্পাদকৰ দায়িত্ব সূচাৰুৰূপে পালন কৰিছিল ৷ সমাজকর্মীজনে এতিয়া জীৱনৰ ৮১ টা বছৰ পাৰ কৰিলে আৰু আজি অসুষ্ঠ হৈ আর্থিক দৈন্যতাৰ বাবে ঘৰতে চিকিৎসাৰ অভাবত চটফটাই দিন অতিবাহিত কৰিবলগা হৈছে ৷ উপযুক্ত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ থাকিবলগা হোৱাত সচেতনমহলে গভীৰ দুখত ভাগি পৰা দেখা গৈছে ৷ একমাত্র পুত্র বিপ্লৱ শর্মাই প্রতিদিনে আনৰ ঘৰে ঘৰে গৈ ৰাতিপুৱাৰ আলহী হৈ পৰে গৰাকীৰ হাতত বাতৰি কাকত এখন তুলি  দি ৷ পিতৃৃৰ উপযুক্ত চিকিৎসা কৰিবলৈ পূত্রৰ হাতত নাই পৰ্যাপ্ত ধন ৷ শিল্পীপূত্রই দুখ প্রকাশ কৰে প্ৰতিবেদকৰ আগত ৷ পিতৃৃ শিল্প, ক্রীড়াৰ লগত জড়িত হৈও আজিলৈকে কোনো চৰকাৰী স্বীকৃৃতি লাভ নকৰাত শোকগ্ৰস্ত পুত্ৰৰ লগতে সচেতন মহলে দুখ প্ৰকাশ কৰিছে ৷

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা