পোষণ পষেক উপলক্ষে শিৱসাগৰত সহযোগী বিভাগ সমূহৰ লগত সমকেন্দ্ৰিক সভা

*পোষণ পষেক উপলক্ষে শিৱসাগৰত সহযোগী বিভাগ সমূহৰ লগত সমকেন্দ্ৰিক সভা অনুষ্ঠিত*

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ, ৫ মাৰ্চ: শিৱসাগৰ জিলাৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত অহা ৮ মাৰ্চৰ পৰা ২২ মাৰ্চলৈ অনুষ্ঠিত হ'বলগীয়া *পোষণ পষেক- ২০২০* উপলক্ষে আজি উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত সহযোগী বিভাগ সমূহৰ লগত এখন সমকেন্দ্ৰিক সভা অনুষ্ঠিত হয়।
অতিৰিক্ত উপায়ুক্ত জুনুমণি সোনোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত এই সভাত প্ৰয়োজনীয় পুষ্টিৰ যোগানেৰে শিশুৰ স্বাস্থ্য সুৰক্ষা সুনিশ্চিত কৰাৰ লক্ষ্যৰে অনুষ্ঠিত হ'বলগীয়া পোষণ পষেকৰ প্ৰস্তুতিৰ বাবে সমাজ কল্যাণৰ লগতে সহযোগী বিভাগ সমূহে গ্ৰহণ কৰিবলগীয়া বিভিন্ন কাৰ্যসূচীৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে বুলি জাৱিব পৰা গৈছে । 
আলোচনাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সমাজ কল্যাণ বিষয়া দীপালি দেৱীয়ে। 
অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে তেওঁৰ বক্তব্যত পোষণ পষেক উদযাপনৰ বিভিন্ন কাৰ্যসূচীয়ে শিশু, কিশোৰী আৰু গৰ্ভৱতী মহিলাৰ সুস্বাস্থ্যৰ বাবে প্রয়োজনীয় পুষ্টি যোগান সম্পৰ্কে সজাগতা বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁ সমূহ সহযোগী বিভাগক পোষণ পষেকৰ সকলো কাৰ্যসূচী সফলতাৰে সম্পন্ন হোৱাকৈ এই অভিযানক জন আন্দোলন ৰূপে গঢ়ি তুলিবলৈ আহ্বান জনায়।
লগতে অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে শিশু, কিশোৰ আৰু মহিলা সকলক অপুষ্টিহীনতাৰ পৰা মুক্ত কৰি সুস্থ আৰু সবল কৰাৰ বাবে উপস্থিত সকলোকে সমন্বয়ৰ মাধ্যমেৰে আৰু উদ্যমেৰে কাম কৰিলৈকো আহ্বান জনায়।
উল্লেখযোগ্য যে, অহা ৮ মাৰ্চত শিৱসাগৰ ছোৱালী মহাবিদ্যালয় প্ৰাঙ্গনত দিনৰ ১১ বজাত পোষণ পষেক কাৰ্যসূচীৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰিব ।
শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা  ফাৰ্ষ্ট নিউজ ৰিপৰ্ট

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা