ৰঙিয়াত মহকুমা প্ৰশাসনৰ কৰ'ণা ভাইৰাচক লৈ গুৰুত্বপূৰ্ণ সভা

ৰঙিয়াত মহকুমা প্ৰশাসনৰ কৰ'ণা  ভাইৰাচক লৈ গুৰুত্বপূৰ্ণ সভা 

সকলো বিভাগক সাজুহৈ থাকিবলৈ মহকুমাধিপতি ডাঃ বেদাংগ তালুকদাৰৰ আহ্বান 

প্ৰতিবেদক, ৰঙিয়া, ১৬ মাৰ্চ : বিশ্বৰ বিভিন্ন প্ৰান্তত কৰ'ণা ভাইৰাচৰ আতংকই চানি ধৰাৰ পিছত ৰঙিয়া মহকুমা প্ৰশাসনে তীব্ৰতৰ কৰি তুলিছে সজাগতা অভিযান । আজি ৰঙিয়াৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত তথা মহকুমাধিপতি ডাঃ বেদাংগ তালুকদাৰৰ সঞ্চালনাত মহকুমাটোৰ বিভিন্ন বিভাগৰ মুৰব্বী আৰু  বিভাগীয় প্ৰতিনিধিৰ উপস্থিতিত কৰ'ণা ভাইৰাচ সন্দৰ্ভত ল'বলগীয়া সাৱধানতা সম্পৰ্কে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । মহকুমাধিপতিৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠত এই সজাগতা মূলক সভা খনিত কেইবাটাও স্পৰ্শকাতৰ দিশৰ ওপৰত আলোকপাত কৰি অতিৰিক্ত উপায়ুক্ত ডাঃ তালুকদাৰে পৃথিৱীৰ বিভিন্ন দেশত অতিমাৰী  সদৃশ হৈ দেখা দিয়া কৰ'ণা ভাইৰাচ সংক্ৰমণৰ বিৰুদ্ধে সম্ভাৱ্য সকলোধৰণৰ ব্যৱস্থাৰে  মহকুমাটোত থকা  প্ৰতিটো বিভাগক যুদ্ধকালীন তৎপৰতাৰে সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়ে ।  বিশেষকৈ বিভাগ সমূহক নিজ নিজ পৰিসৰত জনসাধাৰণক সজাগ কৰিবলৈ যাবতীয় সজাগতামূলক কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈ তালুকদাৰে আহ্বান জনায় । উল্লেখ্য যে, শুক্ৰবাৰে ৰঙিয়া পৌৰসভাৰ সভানেত্ৰী সীমা বৈশ্য, উপ-সভাপতি ফজনুৰ হক , মহকুমা নিৰ্বাচন বিষয়া ৰিপন জ্যোতি নাথ, সহকাৰী আয়ুক্ত চম্পক ডেকাৰ  সৈতে অনুষ্ঠিত হোৱা এক গুৰুত্বপূৰ্ণ বৈঠকত অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰে ৰঙিয়া পৌৰসভা এলেকাৰ বিভিন্ন জনসমাগম হোৱা স্থান, হাট-বজাৰ, মাছ বজাৰ, ৰেলৱে প্লেটফৰ্ম, বাছ-ৰে'ল আস্থান, জাবৰ-জোথৰ পেলোৱা স্থান আদি অনতিপলমে পৰিস্কাৰ কৰাৰ ওপৰত নিৰ্দেশ দিয়াৰ পিছত ইতিমধ্যে উক্ত দিনাৰ পৰাই চাফাই অভিযান তীব্ৰতৰ কৰি তুলিছে । লক্ষণীয় যে,  ভুটানৰ পৰা অহা যাত্ৰীসকলৰ বাবেও মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিভাগে কৰ'ণা ভাইৰাচৰ ওপৰত সচেতন কৰি তুলিবলৈ নিতৌ সজাগতা অভিযান কাৰ্য্যসূচী চলাই আছে । আনহাতে,  অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে বৰ্ষাকালীন বিভিন্ন ৰোগ, মেলেৰীয়া আদি প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগক ধোৱাঁ দিয়াৰ ব্যৱস্থা কৰিবলৈ কোৱাৰ লগতে শিক্ষানুস্থান আদি অনুস্থান- প্ৰতিস্থানত চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ আগবঢ়ায় ।  ইফালে, কৰ'ণা ভাইৰাচ সন্দৰ্ভত কামৰূপ জিলা প্ৰশাসনে-  ৯৬৭৮৪৭১০৭১ দূৰভাষ নম্বৰৰ এটা হেল্প' লাইন সেৱা মুকলি কৰা বুলি সদৰি কৰিছে । আজিৰ সভাত সহকাৰী আয়ুক্ত চম্পক ডেকা, মহকুমা আৰক্ষী বিষয়া কংকণ কুমাৰ নাথ, কঞাঁৰ ৰাজহ চক্ৰ বিষয়া মণিকংকণা ভট্টাচাৰ্য্য, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ চৈয়দ চফিকুল হ'ক,জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ কাৰ্য্যবাহী অভিযন্তা পৰাগ মণি বৰা, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ভাৰপ্ৰাপ্ত সহকাৰী সঞ্চালক হৰগোবিন্দ দাস, এ.পি.ডি.চি. এলৰ সহকাৰী প্ৰৱন্ধক দিগন্ত দাস, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ডঃ ৰাজীৱ দত্ত চৌধূৰী, গৱেষণা সহায়ক বিনোদ ৰহাং প্ৰমূখ্যে মহকুমাটোৰ বিভিন্ন মহকুমাটোৰ বিভাগীয় প্ৰতিনিধিসকল উপস্থিত থাকে ।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা