ককয়াত বিনামূলীয়া চকু চিকিৎসা শিবিৰ সম্পন্ন

ককয়াত  বিনামূলীয়া চকু চিকিৎসা শিবিৰ সম্পন্ন 

 নলবাৰী জিলাৰ ককয়া সামূহিক স্বাস্থ্য কেন্দ্ৰত  দেওবাৰে   ধৰ্মপুৰ বিকাশ মঞ্চৰ উদ্যোগত এদিনীয়া বিনামূলীয়া  চকু পৰিক্ষা শিবিৰ  সম্পন্ন হয়  । উক্ত শিবিৰটো মুকলি কৰে ধৰ্মপুৰ বিকাশ মঞ্চৰ সভাপতি জ্যোতিৰ্ময়  শৰ্মাই । শিবিৰটোত উপস্হিত থাকে ককয়া সামূহিক স্বাস্থ্য কেন্দ্ৰৰ পৰিচালক ডা: হিতেন চক্ৰবৰ্ত্তী, চকু চিকিৎসক ডা: আতোৱাৰ ৰহমান, সমাজকৰ্মী  চন্দ্ৰধৰ হালৈ , সত্যব্ৰত  হালৈ, নীৰ্মল চন্দ্ৰ নাথ আদি  কেইবাগৰাকীও বিশিষ্ট লোক  ।  গ্ৰাম্য সমাজত চকুৰে ভালদৰে নেদেখা  বহুলোক আছে । টকাৰ অভাবত এতিয়াও চকু চিকিৎসা কৰিব পৰা নাই আৰু ধৰ্মপুৰ সমষ্টিৰ জাতি, ধৰ্ম, নিৰ্বিশেষে সকলো  লোকৰ মাজলৈ পৰ্যায়ক্ৰমে  এই চিকিৎসা বিনামুলিয়াকৈ কৰা হব বুলি ঘোষনা কৰে ধৰ্মপুৰ বিকাশ মঞ্চৰ সভাপতি জ্যোতিৰ্ময় শৰ্মাই  । আনহাতে  এই  এদিনীয়া চকু ঢিকিৎসা শিবিৰত প্রায় ৩০০ জন লোকৰ চকু পৰিক্ষা কৰা হয় । তাৰোপৰি এই শিবিৰতে ১৩০ জন লোকক বিনামুলিয়াকৈ শচমা প্রদান কৰা হয় আৰু যিবোৰ ৰোগীৰ কেটেৰেক্ট বেমাৰ চিনাক্ত কৰা হয় তেখেত সকলক শংকৰদেৱ নেত্রালয়ৰ দ্বাৰা বিনামুলীয়াকৈ চকুৰ অস্ত্ৰোপচাৰ  কৰা হব  । দেওবাৰৰ এই চকু চিকিৎসা শিবিৰত গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয়ৰ ৫ গৰাকী  অভিজ্ঞ চিকিৎসকৰ দ্বাৰা  চকু চিকিৎসা কৰা হয়  

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা