প্ৰাণনাশক কৰোণা ভাইৰাছৰ ওপৰত পথ সভা

প্ৰাণনাশক কৰোণা ভাইৰাছৰ ওপৰত পথ সভা

সঞ্জীৱ দাস, ভৱানীপুৰ, ১৬ মাৰ্চ ঃ প্ৰাণনাশক কৰোণা ভাইৰাছ, যিয়ে সমগ্ৰ বিশ্ব কপাই তুলিছে। যাৰ প্ৰভাৱ অইন ঠাইৰ লগতে ভাৰতবৰ্ষতো পৰা দেখা গৈছে। সেয়ে, সকলোপিনে এতিয়া নানান সজাগতা অৱলম্বন কৰা হৈছে। আজি সৰুপেটা অঞ্চলৰ একাধিক স্থানতো পথ সভা, সজাগতা সভা অনুষ্ঠিত কৰা হয়। সৰুপেটা হাইস্কুলৰ এন চি চি কেডাৰসকলৰ উদ্যোগত তথা সচেতন ৰাইজৰ সহযোগত আজি এই ভাইৰাছৰ পৰা বাচি থাকিবলৈ কেনেদৰে সজাগ হোৱা উচিত এই বিষয়ত সৰুপেটা বজাৰৰ একাধিক স্থানৰ লগতে সৰুপেটা ৰেলৱে ষ্টেছনত সজাগতামূলক সভা অনুষ্ঠিত কৰে। আজিৰ এই পথ সভাত উক্ত হাইস্কুলৰ শাৰীৰিক শিক্ষা নিৰ্দেশক তথা এন চি চিৰ প্ৰথম পৰ্যায়ৰ বিষয়া দিলীপ কুমাৰ দাস, হস্তিনাপুৰ সমবায় সমিতিৰ সভাপতি অৰবিন্দ বৰ্মনকে ধৰি বহুকেইজন সচেতন ব্যক্তিয়ে কৰোণা ভাইৰাছ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ৰাইজক সজাগ কৰি তোলে সভাৰ দ্বাৰা।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা