" আন্তৰাষ্ট্ৰীয় নাৰী দিৱস ২০২০ ত বটাঁ প্ৰাপ্তিৰে জিলিকি উঠিল শংকৰদেৱ শিশু নিকেতন, উত্তৰ গুৱাহাটীৰ আচাৰ্যা

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অভিযোগ আয়োগ" ৰ দ্বাৰা আয়োজিত " আন্তৰাষ্ট্ৰীয় নাৰী দিৱস ২০২০ ত বটাঁ প্ৰাপ্তিৰে জিলিকি উঠিল শংকৰদেৱ শিশু নিকেতন, উত্তৰ গুৱাহাটীৰ আচাৰ্যা ।

পঙ্কজ নাথ, চাংসাৰি, ১০ মাৰ্চ :

কামৰূপৰ জিলাৰ অন্তৰ্গত উত্তৰ গুৱহাটী এলেকাৰ ভিতৰতে এখন আগশাৰীৰ শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্যা মিছ মাফিদা বেগমে সুকীয়া পৰিচয়ৰে সাহিত্য জগতত জিলিকি উঠিছে । সাহিত্য জগতত মাচুমা জিন্নত ৰহমান নামেৰে পৰিচিত হৈ কাব্যিক সমাজত জনপ্ৰিয় হৈ পৰা মাফিদাই নিজৰ সু-প্ৰতিভাৰ বলতেই সকলোৰে মন মুহিবলৈ সক্ষম হৈছে । যাৰ ফলশ্ৰুতিত ৮ তাৰিখ ৰবিবাৰে বিশ্ব "আন্তৰ্জাতিক নাৰী দিৱস"  উপলক্ষে বিশেষ সন্মানেৰে সন্মানিত কৰা হয় ।  "ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অভিযোগ আয়োগ" ৰ দ্বাৰা আয়োজিত " International woman's day 2020 cum award " ৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত তেখেতক বিশেষভাৱে সন্মানীত কৰা হয় ।  উক্ত আয়োগৰ সম্পাদক তথা নিউজ ৩০ ৰ এডিটৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত  এছ আই চৌধুৰীৰ দ্বাৰা পৰিচালিত এই অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড০ বিদূলা শৰ্মা বাইদেৱে আচাৰ্যা গৰাকীৰ লগত মত  বিনিময় কৰাৰ লগতে সুন্দৰ মঞ্চত সন্মানীত কৰা ঘটনাই কেৱল তেওঁৰ জীৱনতেই নহয় শংকৰদেৱ শিশু নিকেতন, উত্তৰ গুৱাহাটীলৈওঁ এক সুনাম কঢ়িয়াই আনে । তেওঁ সাহিত্য সভাৰ লগতো ওত:প্ৰোত ভাৱে জড়িত হৈ অসমীয়া ভাষা সংস্কৃতিৰ হৈ  বিভিন্ন অৰিহনা যোগাই আহিছে। চলিত মাৰ্চ মাহৰ ২২  তাৰিখে তেখেতৰ এখন কাব্য সংকলনো উন্মোচন হোৱাৰ পথত । তেখেতৰ দৰে এগৰাকী আচাৰ্যাৰ উপস্থিতিয়ে অনাগত দিনত শংকৰদেৱ শিশু নিকেতন, উত্তৰ গুৱাহাটীৰ উঠি অহা ছাত্র-ছাত্ৰী সকলৰ জীৱন প্ৰভাৱিত কৰিব বুলি আশা কৰিছে নিকেতন খনৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱক তথা নিকেতন পৰিচালনা সমিতিয়ে । ইয়াৰ উপৰিও নিকেতনৰ সমিতিয়ে তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনাৰ লগতে এই পুৰস্কাৰ প্ৰাপ্তিৰ বাবে  অশেষ শুভকামনা জ্ঞাপন কৰিছে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা