কৰোনাৰ আতংকত স্তব্ধ কৃষ্ণাই

কৰোনাৰ আতংকত স্তব্ধ কৃষ্ণাইঃমাস্ক চিনেটাইজাৰৰ নাটনিঃবহিঃৰাজ্য ফেৰৎ যুৱকক লৈ অশান্তি

-------------
বিশ্বত্ৰাস কৰোনা ভাইৰাছৰ আতংকত জনতা কাৰ্ফিউ উকলি যোৱাৰ পিছতো আজি দ্বিতীয় দিনৰ বাবেও একপ্ৰকাৰ জনশূণ্য হৈ পৰে গোৱালপাৰা জিলাৰ কৃষ্ণাই বজাৰ ৷ আজি পুৱাৰ ভাগত দুখন মান দোকান খুলিছিল যদিও গ্ৰাহক নথকাত দুপৰীয়াৰ ভাগত সমগ্ৰ বজাৰ সম্পূৰ্ণ বন্ধ হৈ পৰে ৷ ইফালে,আন দিনা প্ৰায় সন্ধিয়ালৈ গিজগিজাই থকা শাক পাচলিৰ বজাৰ খনো আজি পুৱা দুঘন্টা মানৰ ভিতৰতে স্তব্ধ হোৱা পৰিলক্ষিত হয় ৷ কৃষ্ণাইস্থিত বেংকৰ শাখা সমূহতো আজি নাছিল জনতাৰ ভিৰ ৷ ইয়াৰ মাজতে বিত্তীয় প্ৰতিষ্ঠান সমূহক কৰোনা ভাইৰাছ প্ৰতিৰোধত যথেষ্ট তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে ৷ কৃষ্ণাইস্থ এছবিআইৰ শাখাত আজি মাস্ক পৰিধান নকৰিলে প্ৰৱেশত বাধা দিয়াৰ লগতে গ্ৰাহক সকলক প্ৰৱেশ পথতে চিনেটাইজেৰে হাত চাফা কৰিবলৈ বাধ্য কৰোৱা হয় ৷ ইফালে কৃষ্ণাই বজাৰত মাস্ক বিক্ৰীৰ ক্ষেত্ৰত বিভিন্ন দোকানে অধিক দাম লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ অনুসৰি, বজাৰ খনত ১০-১৫ টকীয়া চাৰ্জিকেল মাস্ক বিক্ৰী হৈছে ২০-৩০ টকাত, ধুই পুণঃ ব্যৱহাৰ কৰিব পৰা মাস্ক বিক্ৰী হৈছে ৫০-৬০ টকাত ৷ আনহাতে মেডিকেটেড এন ৯৫ শ্ৰেণীৰ মাস্ক তিনি শ টকা পৰ্যন্ত দামত বিক্ৰী হৈছে ৷ সাধাৰণতে মাস্কবোৰত কোনো এম আৰ পি বা বিক্ৰী দাম লিখা নথকাৰ সুযোগ গ্ৰহণ কৰি যিয়ে যেনেদৰে পায় উচ্চ দামত বিক্ৰী কৰি অধিক মুনাফা সংগ্ৰহত নামি পৰাৰ মুকলি অভিযোগ উঠিছে ৷ ইফালে আজি সম্পূৰ্ণ বজাৰ খনত হাত ধোৱা চেনিটাইজাৰ শূণ্য হৈ পৰাত ৰাইজ হতাশগ্ৰস্ত হৈ পৰা পৰিলক্ষিত হয় ৷ আনহাতে কৃষ্ণাইৰ অসম মেঘালয় সীমান্তবৰ্তি বিভিন্ন অঞ্চলত বহিঃৰাজ্যৰ পৰা উভতি অহা লোকক লৈ এক আতংকময় পৰিবেশৰ সৃষ্টি হোৱাৰো বাতৰি পোৱা গৈছে ৷ উদাহৰণ স্বৰূপে সীমান্তবৰ্তি বৰমোহৰা লেটিংপাৰাৰ কথাকে ক’ব পাৰি ৷ কৰ্মসূত্ৰে হায়দৰাবাদত থকা এই গাঁৱৰ দুজন যুৱক ইতিমধ্যে আহি লেটিংপাৰাৰ নিজ গৃৃৃহত উপস্থিত হৈছে যদিও প্ৰয়োজনীয় স্বাস্থ্য পৰীক্ষা সম্পন্ন নকৰাৰ অভিযোগ উঠিছে ৷ গাওঁ বাসীয়ে আহ্বান জনোৱাৰ পিছতো যুৱক দুজনে গুৰত্ব আৰোপ কৰা নাই ৷ একেদৰে মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত গজিয়াজানীতো ইমান দিনে কেৰেলাত থকা যুৱক এজনে স্বাস্থ্য পৰীক্ষা নকৰাকৈ টিঘিলঘিলাই ঘূৰি ফুৰাৰ বিষয়টোৱে ৰাইজক আতংকিত কৰিছে ৷ কৃষ্ণাই নৈৰ সিপাৰৰ পামঘাটৰ এই যুৱক জনক শীঘ্ৰে স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰাবলৈ ৰাইজে স্বাস্থ্য বিভাগক দাবী জনাইছে ৷ ইফালে ইতিমধ্যে সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ লোৱা নভেল কৰোনা ভাইৰাছ প্ৰতিৰোধত ৰাইজক আৰু অধিক সজাগ তথা সতৰ্ক কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনক তীব্ৰতৰ অভিযান  অব্যাহত ৰখাৰ বাবে সচেতন মহলে আহ্বান জনাইছেে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,First News Report
××× ××× ××× ××× ××× ××× ××× ×××:×××:

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা