কৃষ্ণাইত কৰোনাৰ বিৰুদ্ধে ছেনিটাইজঃ

কৃষ্ণাইত কৰোনাৰ বিৰুদ্ধে ছেনিটাইজঃ লক ডাউন মানি চলিবলৈ আহ্বান আৰক্ষী বিষয়াৰ
------

বিশ্বত্ৰাস কৰোনা ভাইৰাছৰ কুটিল গ্ৰাসৰ পৰা অতিশীঘ্ৰে মুক্তি পোৱাৰ বাবে দিনে নিশাই অহোপুৰুষাৰ্থ কৰিছে সমগ্ৰ বিশ্বই ৷ আমাৰ দেশৰ চুকে কোণেও চলিছে এই মহামাৰীৰ পৰা পৰিত্ৰাণৰ বিভিন্ন কুজকাৱাজ ৷ অতি ভয়ংকৰ এই ভাইৰাছ বিয়পাত প্ৰতিবন্ধক সৃষ্টি কৰাৰ স্বাৰ্থতে এতিয়া সমগ্ৰ দেশে পালন কৰিছে ২১ দিনীয়া লক ডাউন ৷ অসমৰ বিভিন্ন প্ৰান্তৰৰ লগতে গোৱানপাৰা জিলাৰ কৃষ্ণাইতো পৰিছে লক ডাউনৰ সৰ্বাত্মক প্ৰভাৱ ৷ ইয়াৰ মাজতে অঞ্চলবাসীক এই ভয়ানক মহামাৰীৰ পৰা নিলগাই ৰখাৰ বাবে বিভিন্ন কাৰ্যপন্থা হাতত লৈছে কৃষ্ণাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰতন ভূঁঞাৰ লগতে স্থানীয় একাংশ সচেতন যুৱকে ৷ ইয়াৰ অংশ হিচাপে আজি আৰক্ষী বিষয়া ভূঁঞাৰ তত্ববধানত সমগ্ৰ কৃষ্ণাই বজাৰতে ছেনিটাইজিঙৰ ব্যৱস্থা কৰা হয় ৷ স্থানীয় যুৱক একাংশৰ সহযোগত সম্পন্ন এই ছেনিটাইজ সম্পৰ্কত ভূঁঞাই কয়-বিশ্বত্ৰাস কৰোনাৰ বিৰুদ্ধে আমি সকলোৱে মাৰবান্ধি যুঁজিব লাগিব ৷ এই ছেনিটাইজে কৰোনাৰ নিচিনা ভয়ংকৰ ভাইৰাছ বিয়পাত বাধা দিয়াৰ
লগতে অন্যান্য মাৰাত্মক ৰোগ প্ৰতিৰোধতো সহায়ক হ’ব ৷ তেওঁ
সকলো লোককে সামাজিক দূৰত্ব বজাই ৰাখি চাফচিকুণতাৰ প্ৰতি সজাগ হোৱাৰ আহ্বান জনাই সকলোকে লক ডাউনৰ নীতি নিৰ্দশনা সমূহ কঠোৰ ভাৱে পালন কৰিবলৈকো আহ্বান জনায় ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, First News Report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা