ৰঙিয়াত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ বুজ ললে প্ৰফুল্ল কুমাৰ মহন্তই

https://youtu.be/CicCSesr89M
ভিডি অ প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ বুজ ললে প্ৰফুল্ল কুমাৰ মহন্তই 

প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা জনতাৰ কাৰ্ফিউত সহযোগৰ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ

প্ৰতিবেদক, ৰঙিয়া,২১ মাৰ্চঃ 

অসম চৰকাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো বৰ্তমান ৰঙিয়া স্বস্তি হাস্পাতালত চিকিৎসাধীন হৈ আছে। আজি ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই চিকিৎসাধীন হৈ থকা বড়োৰ স্বাস্থ্যৰ বুজলোৱাৰ বাবে চিকিৎসালয়ত উপস্থিত হয় । সন্ধিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰায় ৩০ মিনিট সময় চিকিৎসালয় খনত উপস্থিত থাকি চিকিৎসালয়খনৰ সঞ্চালক ডাঃ হিতেন কলিতাৰ লগত বড়োৰ স্বাস্থ্য সম্পৰ্কত আলোচনা কৰে । ইফালে ডাঃ কলিতাই সংবাদ মাধ্যমক জানিবলৈ দিয়ামতে প্ৰাক্তন শিক্ষা মন্ত্ৰী গৰাকীৰ স্বাস্থ্য পুৰ্বতকৈ উন্নত হৈছে যদিও কেইদিনমান চিকিৎসালয়ত থাকাটো প্ৰয়োজন ।অলপ দিনৰ ভিতৰতে নিশ্চয় প্ৰাক্তন মন্ত্ৰী গৰাকী সম্পুৰ্ণভাবে সুস্থহৈ উঠিব । আনহাতে ২২ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা জনতাৰ কাৰ্ফিউত সহযোগ কৰাৰ বাবেও সকলোকে অনুৰোধ জনাই প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা