জামুগুৰিহাটত “আনলা”,“বিৰচা কামাণ্ডো” আৰু “আছা”ৰ বেনাৰত ম্যাদি মাটি বেদখল

#জামুগুৰিহাটত “আনলা”,“বিৰচা কামাণ্ডো” আৰু “আছা”ৰ বেনাৰত ম্যাদি মাটি বেদখল৷
#বেদখলকাৰীৰ বিৰুদ্ধে জামুগুৰি থানাত এজাহাৰ

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,১২ মাৰ্চ: যুদ্ধবিৰত আদিবাসী সশস্ত্ৰ সংগঠন “আনলা”,“বিৰচা কামাণ্ডো ফৰ্চ” আৰু ছাত্ৰ সংগঠণ “আছা”ৰ বিৰুদ্ধে ম্যাদি পট্টাৰ মাটি বেদখলৰ গুৰুতৰ অভিযোগ উল্থাপিত হৈছে শোণিতপুৰ জিলাৰ জামুগুৰিহাটত৷যুদ্ধবিৰত উগ্ৰপন্থী সংগঠন আৰু ছাত্ৰ সংগঠণৰ বেনাৰ লগাই অঞ্চলটোৰ টুপীয়াৰ নিকটৱৰ্তী বগাবিলত এইদৰে মাটি বেদখল কৰা ঘটনাত সমগ্ৰ অঞ্চলটিতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ইতিমধ্যে ভুক্তভোগী ম্যাদি পট্টাৰ মাটিৰ গৰাকীয়ে জামুগুৰি আৰক্ষী থানাত এই সন্দৰ্ভত এজাহাৰো দাখিল কৰিছে৷আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ উল্লেখ থকা মতে অঞ্চলটোৰ টুপীয়া বগাবিলৰ কল্পনা চিয়াকুটি নামৰ মহিলা গৰাকীয়ে ২০১৫ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে একেখন গাৱৰে দীগম্বৰ ভুমিজ নামৰ ব্যক্তিজনৰপৰা ক্ৰয় কৰা নদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মূঢ়াদল মৌজাৰ বগাবিল গাঁৱৰ ম্যাদি পট্টা নং ১৩ৰ ৪১ নং দাগৰ সৰ্বমুঠ ৩ বিঘা ৩ কঠা ১৫ লোচা ম্যাদি পট্টা মাটি ক্ৰয় কৰি সেই মাটি চৰকাৰী নীতি নিয়ম অনুসৰি পঞ্জীয়ন কৰে আৰু তাৰপাছৰপৰা সেই মাটি নিজা দখলত ৰাখি খাজানা পৰিশোধ কৰি আছে৷কিন্তু যোৱা ১০ মাৰ্চৰ দিনা হাৰাধন ভুমিজ,শ্যেমন্ত ভুমিজ আৰু মুকুন্দ ভুমিজ নামৰ লোককেইজনে মাটিৰ গৰাকী কল্পনা চিয়াকুটিৰ উল্লেখিত মাটিখিনিত বাঁহৰ বেৰা আৰু খেৰী ঘৰ নিৰ্মান কৰি দখলৰ চেষ্টা কৰাৰ লগতে উক্ত মাটিত যুদ্ধবিৰতিত থকা উগ্ৰপন্থী সংগঠণ আনলা,বিৰচা কমাণ্ডো ফৰ্ছ আৰু ছাত্ৰ সংগঠণ  আছাৰ নদুৱাৰ আঞ্চলিক সমিতিৰ নাম আৰু প্ৰতীক সম্বলিত বেনাৰ আৰু ধনু-কাঁঢ় লগাই সংৰক্ষিত ভূমি এলেকা বুলি ফলক আৰি থৈ আহে৷ইয়াৰ পিছতে এগৰাকী উগ্ৰপন্থী সংগঠনৰ সদস্যই মাটিৰ গৰাকীক ফোনযোগে ভাবুকী প্ৰদান কৰে বুলিও এজাহাৰত উল্লেখ কৰিছে  মাটিৰ গৰাকীয়ে৷এইদৰে যুদ্ধবিৰত উগ্ৰপন্থী আৰু ছাত্ৰ সংগঠনৰ বেনাৰত ম্যাদি মাটি দখল কৰা ঘটনা পোহৰলৈ অহাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷আজি অঞ্চলটোৰ বহুসংখ্যক লোকে বেদখলকৃত মাটিত উপস্থিত হৈ এই ঘটনাৰ তীব্ৰ নিন্দা কৰাৰ লগতে এই ঘটনাৰ লগত জড়িত ব্যক্তিসকলক আইনে চিনাক্ত কৰি দৃষ্টান্তমুলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে৷অন্যথা অঞ্চলটোৰ ৰাইজে পথ অবৰোধৰ দৰে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসুচী হাতত ল’ব বুলিও হুংকাৰ দিছে৷জোন বৰা,জামুগুৰিহাট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা