ৰঙিয়াত মহকুমা উন্নয়ন সমিতিৰ গুৰুত্বপূৰ্ণ সভা

ৰঙিয়াত মহকুমা উন্নয়ন সমিতিৰ গুৰুত্বপূৰ্ণ সভা 

নিষ্ঠা আৰু সততাৰে আচঁনি ৰূপায়নৰ আহ্বান অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰৰ
প্ৰতিবেদক, ৰঙিয়া, ১২মাৰ্চ: : বৰ্তমানে চলি থকা চৰকাৰী আচনিঁ সমূহৰ অগ্ৰগতিৰ পৰ্য্যালোচনা আৰু দিক্ নিৰ্দেশনা দিয়াৰ উদ্দেশ্যে  ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰৰ পৌৰহিত্যত  আজি " ৰঙিয়া মহকুমা উন্নয়ন সমিতি "ৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । ৰঙিয়া মহকুমাৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত মহকুমাটোৰ প্ৰতিটো উন্নয়ন বিভাগৰ বিভাগীয় মুৰব্বী সকলৰ উপস্থতিত  অনুষ্ঠিত এই বৈঠকত অতিৰিক্ত উপায়ুক্ত ডাঃ তালুকদাৰে বৰ্তমানে চলি থকা চৰকাৰী আচঁনি সমূহৰ সময়োচিত পৰিসমাপ্তি তথা গুণগত মান ৰক্ষাৰ কাৰণে সকলো বিষয়াকে গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় । তদুপৰি তেখেতে ৰাজহ আহৰণকাৰী বিভাগসমূহক বছৰৰ লক্ষ্যসমূহ পূৰণ কৰিবলৈ অনুৰোধ জনায় । চলিত বছৰটোত চৰকাৰে প্ৰতিটো বিভাগৰ কাৰণে নতুন নতুন আচঁনি ঘোষণা কৰাৰ সম্ভাৱনীয়তাৰ বিষয়ে উল্লেখ কৰি অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে সকলো বিষয়াই নিজৰ বিভাগৰ আচঁনি সমূহ নিষ্ঠা আৰু সততাৰে সম্পাদন কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ পোষকতা কৰে । লক্ষণীয় যে, কৰ'ণা ভাইৰাচৰ সংক্ৰমণ প্ৰতিৰোধ আৰু সাৱধানতা সম্পৰ্কে জনসাধাৰনৰ মাজত সজাগতা অভিযান তীব্ৰতৰ কৰিবলৈ তেখেতে মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিভাগক যাবতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় । বিশেষকৈ ভূটানৰ পৰা ৰঙিয়াৰ মাজেৰে অসমত প্ৰৱেশ কৰা যাত্ৰীসকলৰ মাজত এই সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ তেখেতে প্ৰাধান্যতা দিয়ে । আনহাতে,  বিভিন্ন বিভাগৰ বিষয়া সকলে আচনিঁসমৃহ ৰূপায়নৰ ক্ষেত্ৰত সন্মূখীন হোৱা সমস্যাসমূহৰ বিষয়েও সভাত অতিৰিক্ত উপায়ুক্ত গৰাকীক অৱগত কৰে । আজিৰ এই সভাত মহকুমা নিৰ্বাচন বিষয়া ৰিপন জ্যোতি নাথ , সহকাৰী আয়ুক্ত চম্পক ডেকা, গৱেষণা সহায়ক বিনোদ কুমাৰ ৰহাং প্ৰমুখ্যে জনস্বাস্থ্য আৰু কাৰিকৰী , খাদ্য আৰু অসামৰিক যোগান, গড়কাপ্তানি ৰাষ্ট্ৰীয় আৰু গ্ৰাম্যপথ, ৰঙিয়া, কমলপুৰ আৰু কৰৰাৰ  প্ৰাথমিক শিক্ষা খণ্ড ,  শ্ৰম ,বিদ্যুৎ ,জলসিঞ্চন, হস্ত তাতঁ আৰু বস্ত্ৰ, ৰেচম, কৃষি, জলসম্পদ, ভূমি সংৰক্ষণ, মীন আদি মহকুমাটোত থকা প্ৰতিটো বিভাগৰ মূৰব্বী আৰু বিভাগীয় প্ৰতিনিধিসকল উপস্থিত থাকে । 
প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা