ৰাইজক ভীতিগ্রস্ত নহৈ সতৰ্কতা অৱলম্বনৰ আহ্বান শিৱসাগৰ জিলা উপায়ুক্তৰ

*শিৱসাগৰত নভেল ক'ৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে সজাগতা অনুষ্ঠান: ৰাইজক ভীতিগ্রস্ত নহৈ সতৰ্কতা অৱলম্বনৰ আহ্বান জিলা উপায়ুক্তৰ* 

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট  শিৱসাগৰ, ১৭ মাৰ্চ: শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈয়ে আজি পুৱা জিলাখনৰ সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান "সম্প্ৰীতি"ৰ উদ্যোগত স্থানীয় কেন্দ্ৰীয় বজাৰত নভেল ক'ৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে ৰাইজক হাত ধোৱাৰ প্ৰয়োজনীয়তা সম্পৰ্কে সচেতন কৰিবলৈ আয়োজন কৰা এক অনুষ্ঠানৰ উদ্বোধন কৰে। 

"সম্প্ৰীতি"ৰ এই পদক্ষেপৰ শলাগ লৈ জিলা উপায়ুক্তই ৰাইজক ক'ৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে ল'বলগীয়া সতৰ্কতামূলক ব্যৱস্থাৱলীৰ বিষয়ে বিস্তৃতভাৱে অৱগত কৰে। উপায়ুক্ত গৰাকীয়ে কাঁহ-চৰ্দিৰ লগতে জ্বৰত আক্ৰান্ত লোকসকলক চিকিৎসালয়লৈ নি স্বাস্থ্য পৰীক্ষা কৰাবলৈ আহ্বান জনোৱাৰ উপৰিও জনসাধাৰণক নিজৰ দুয়োখন হাত যিমান পাৰি সঘনাই চাবোনেৰে ধুই পৰিষ্কাৰ কৰি ৰখা, চকু-কাণ-নাক হাতেৰে স্পৰ্শ কৰাৰ পৰা পাৰ্যমানে বিৰত থকা, হাঁচি-কাঁহ-চৰ্দি হৈ থকা লোকৰ সংস্পৰ্শৰ পৰা কমেও এক মিটাৰ দূৰত্ব বজাই ৰখাৰ দৰে সতৰ্কতামূলক অভ্যাসৰ বিষয়ে জনায়। তদুপৰি, তেওঁ এই সময়ছোৱাত প্ৰতিগৰাকী লোককে খালী পেট বা ভোকত নাথাকি নিয়মীয়াকৈ প্ৰ'টিন-ভিটামিনযুক্ত সুষম, পুষ্টিকৰ আহাৰ খাই শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিয়ে। তেওঁ ৰাইজক ভীতিগ্রস্ত নহ'বলৈ আহ্বান জনায়। তেওঁ লগতে ক'ৰ'ণা ভাইৰাছ সম্পৰ্কে পৰামৰ্শ বা তথ্যৰ বাবে স্থানীয় আৱৰ্ত ভৱনত স্থাপন কৰা নিয়ন্ত্ৰণ কক্ষৰ সৈতে ১০৭৭ (টোল ফ্রী), ০৩৭৭২-২২৩৩৯৭ আৰু ৮৪৭১৮-৬৪৩৫৫ নম্বৰত যোগাযোগ কৰিবলৈও ৰাইজক আহ্বান জনায়। 

এই অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত বিদিত দাস, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ তথা "সম্প্ৰীতি"ৰ উপদেষ্টা ডঃ সৌমাৰ জ্যোতি মহন্ত, শিৱসাগৰ পৌৰসভাৰ সভানেত্ৰী মৃদুস্মিতা সিংহ, "সম্প্ৰীতি"ৰ সভাপতি নৱনীত কাকতি আৰু সম্পাদক অজিত শৰ্মাৰ লগতে ভালেসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা