বোকাখাতত "দুৰ্নীতিৰ দৰ্পণ" কাকতৰ বৰ্ষপূৰ্তি আৰু সম্বৰ্ধনা অনুষ্ঠানত কবি প্ৰণৱ কুমাৰ বৰ্মন

বোকাখাতত "দুৰ্নীতিৰ দৰ্পণ" কাকতৰ বৰ্ষপূৰ্তি আৰু সম্বৰ্ধনা অনুষ্ঠানত কবি প্ৰণৱ কুমাৰ বৰ্মন

সংস্কৃতিৰ ৰূপ লোৱা দুৰ্নীতি নাইকিয়া নকৰিলে জনগণৰ উন্নতি নহয়

কাজিৰঙা , ২ মাৰ্চঃ 'দুৰ্নীতিৰ শিপাডাল ভাৰতবৰ্ষত ইমান বেয়াকৈ শিপাইছে যে স্বাধীনতাৰ ৭ দশকৰ পাছতো ভাৰতৰ জনতা খাদ্যৰ বাবে হাহাকাৰ কৰিবলগা হৈছে৷ কিন্তু, জনতাৰ দুখ নিৰাময় কৰিবলৈ যেন কোনো এখন চৰকাৰৰে সদিচ্ছা নাই৷ সম্প্ৰতি সংস্কৃতিৰ ৰূপ লোৱা দুৰ্নীতি নাইকিয়া নকৰিলে জনগণৰ উন্নতি নহয়৷'---বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা " দুৰ্নীতিৰ দৰ্পণ" কাকতৰ পঞ্চম বৰ্ষপূৰ্তিৰ অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মনে এইদৰে কয়৷ তেখেতে কয়, ৫ লাখ বছৰৰ পাছত মানৱ জনম পোৱা যায়৷ সেয়ে মানুহ হিচাপে জীয়াই থাকোতে সমাজ, জাতিৰ উন্নতিৰ হকে কাম কৰা উচিত বুলিও কয় তেখেতে৷ গুৱাহাটী আৰু ধুবুৰীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকত "দুৰ্নীতিৰ দৰ্পণ"ৰ পঞ্চম বৰ্ষ পূৰ্তি উপলক্ষে ধুবুৰীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত হৈ যোৱা অনুষ্ঠানটিৰ লগত সংগতি ৰাখি বোকাখাতত এই অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ ধুবুৰীত উপস্থিত থাকিব নোৱাৰা বহুকেইজন সম্বৰ্দ্ধিত ব্যক্তিক এই অনুষ্ঠানটিতে সম্বৰ্দ্ধনা জনোৱাৰ লগতে এখনি কবি সন্মিলনৰো আয়োজন কৰা হয় ৷ ৰিজু হাজৰিকাৰ পৰিচালনাৰে  শিশু শিল্পী সকলে পৰিবেশন কৰা বৰগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে দুৰ্নীতিৰ দৰ্পণ কাকতৰ মুখ্য সম্পাদক পলিমা চেতিয়া বসুমতাৰীয়ে ৷ অনুষ্ঠানটি আঁত ধৰে ৰশ্মিৰেখা সাউদ কলিতা আৰু চিলমিল সপোনে ৷অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম, অসমৰ জনপ্ৰিয় কবি তথা উপন্যাসিক প্ৰণৱ কুমাৰ বৰ্মন,তথ্য আৰু জনসংযোগ বিষয়া মামুণ বৰকটকী, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা,সাধাৰণ সম্পাদক ৰাতুল বৰা,উপদেষ্টা বুবল দত্ত,সহ সম্পাদক প্ৰদীপ ডেকা,সাংগঠনিক সম্পাদক মুকুল কলিতা,বিশিষ্ট লেখিকা নিজৰা বৰঠাকুৰ, জেষ্ঠ সাংবাদিক মহেন শইকীয়া,সদৌ অসম কবি সন্মিলনৰ উপ-সভাপতি ৰাজুমণি বেজবৰুৱাৰ,পুৱতি সাহিত্য সভাৰ সভাপতি অপুৰ্ব বৰদলৈ, সাংবাদিক ধ্ৰুৱজ্যোতি সাহা,বিতুপন বৰাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ৷অনুষ্ঠানটোত দুৰ্নীতি দৰ্পণ কাকতৰ বিশেষ "কবি সন্মান-২০২০ "  অসমৰ জনপ্ৰিয় কবি,উপন্যাসিক প্ৰণৱ কুমাৰ বৰ্মনলৈ , গ্ৰাম্য সাংবাদিকতাৰ বঁটা পৱন কামানলৈ ,কৃতি শিক্ষয়িত্ৰীৰ বঁটা জ্যোতিপ্ৰভা দত্তলৈ,শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা ৰাতুল বৰালৈ আগবঢ়োৱাৰ লগতে বিশেষ সন্মান আৰু সম্বৰ্ধনা জনোৱা হয় বিশিষ্ট শিক্ষাবিদ সভাৰাম সাউদ,বিশিষ্ট লেখিকা হেমা চৌধুৰী গগৈ,বিশিষ্ট সমাজকৰ্মী দিগন্ত বৰুৱা,বিশিষ্ট সমাজকৰ্মী অৱনী বৰঠাকুৰ,জেষ্ঠ সাংবাদিক ৰঞ্জিত ৰজক,জনপ্ৰিয় ৱেব পৰ্টেল "কাজিৰঙা লাইভ",সু-সংগঠক উদয়ন গগৈ,সাংবাদিক অলক শইকীয়া,ৰাজীৱ গগৈ,হাচিব উদ্দিন তালুকদাৰ,সন্তোষ ফুকন আৰু ৰিদীপ শৰ্মাক ৷ অনুষ্ঠানটিৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা কবিতাৰ অনুষ্ঠানটিৰ আৰম্ভণি কৰে স্বনামধন্য কবি প্ৰণৱ কুমাৰ বৰ্মনে তেওঁৰ এটি জনপ্ৰিয় কবিতা " সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ "কবিতাটিৰে ৷
আমন্ত্ৰিত কবি হিচাপে কবিতা পাঠ কৰে কবি কমলাক্ষী দত্ত,নীলিমা বৰা,পাৰিজাত বৰুৱাৰ লগতে কবিতা পাঠৰ অনুষ্ঠানটিত কবিতা পাঠ কৰে দৃষ্টিৰূপা বৰদলৈ,ইপ্সিতা দত্ত,প্ৰিয়াংসু প্ৰাঞ্জল,মৃদুস্মিতা শৰ্মা,হেমা চৌধুৰী গগৈ, হিমাঞ্চল দত্ত,লিম্পী পাঠক,গৌৰৱ হাজৰিকা, কালিন্দী,প্ৰিয়াশ্ৰী নেওগ,তৰুণ তীৰ্থ শইকীয়া, লোকপ্ৰিয়া বৰা,দিব্যজ্যোতি ৰাজখোৱা,সভাৰাম খাউণ্ড,অৱনী বৰঠাকুৰ,দেৱযানী বৰুৱা,মামণি বড়া,ৰিজু শইকীয়া বৰদলৈ,তৰা বৰুৱাকে ধৰি বহু কবিয়ে ৷ নৱ প্ৰজন্মৰ সম্ভাৱনাময় আবৃত্তিকাৰ হিমাঞ্চল দত্তই আবৃত্তি কৰা জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনৰ আন এটি জনপ্ৰিয় কবিতা "চুইচাইড নোট " কবিতাটিৰ আবৃত্তিয়ে সকলোকে মোহিত কৰিবলৈ সক্ষম হয় । কাকতখনৰ মুখ্য সম্পাদক পলিমা চেতিয়া বসুমতাৰীয়ে উপস্থিত সকলোৰে শলাগ লয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা