শিৱসাগৰত কৰ'না ভাইৰাছৰ আতংক

*শিৱসাগৰত  কৰ'না ভাইৰাছৰ আতংক : ৪১ গৰাকীক গৃহ নিৰীক্ষণত:  চীনৰ পৰিভ্ৰমণ কৰি অহা ৩ গৰাকী সহ বিদেশ ভ্ৰমণকাৰীক বিশেষ নজৰ স্বাস্থ্য বিভাগৰ:  বজাৰত নাই মাস্ক-ছেনিটাইজাৰ*



 ফাৰ্ষ্ট নিউজ ৰিপৰ্ট  শিৱসাগৰ , ৮ মাৰ্চ : কৰ'নাভাইৰাছৰ আতংকত শিৱসাগৰবাসী।আতংকিত শিৱসাগৰীয়াই কৰ'নাৰ প্ৰতিৰোধ বিচাৰি ঘূৰিছে এখন দোকানৰ পৰা আনখন দোকান।বজাৰত পাবলৈ নাই মাস্ক আৰু ছেনিটাইজাৰ।

দিন পাৰহৈ যোৱাৰ লগে লগে কৰ'নাভাইৰাছৰ আতংক আধিক বৃদ্ধি পাইছে। ইখনৰ পিছত সিখন দেশ আক্ৰান্ত হৈছে কৰ'নাভাইৰাছৰ আক্ৰমণত। চীন দেশৰ পৰা উদ্ভৱ হোৱা এই চিকিৎসাবিহীন বেমাৰ প্ৰসাৰিত হৈছে বিশ্বৰ প্ৰায় সকলো প্ৰান্তলৈ।

চিকিৎসাৰ ব্যৱস্থা নোহোৱা কৰ'না ভাইৰাছক লৈ ৰাইজ আতংকিত হৈ পৰাৰ লগতে প্ৰতিৰোধৰ উপায় বিচাৰি হাবাথুৰি খাইছে। প্ৰতিৰোধৰ প্ৰাথমিক সম্বল মাস্ক আৰু বীজানুনাশক ছেনিটাইজাৰ বিচাৰি ৰাইজ হায়ৰাণ হৈছে শিৱসাগৰ নগৰত । কিয়নো নগৰৰ ফাৰ্মাচী অথবা আন দোকানত পাবলৈ নোহোৱা হৈছে মাস্ক। নাই ছেনিটাইজাৰ।
এটা মাস্ক অথবা এটা ছেনিটাইজাৰ নাপাই হাহাকাৰ  অৱস্থাৰ সৃষ্টি হৈছে।যি দুই এক দোকানত কম সংখ্যক সামগ্ৰী আছে সেইবোৰক লৈ ৰাইজৰ ভিৰ। অধিক মূল্যত বিক্ৰী কৰিছে নিম্নমানৰ চীনত নিৰ্মিত মাস্ক। এজন গ্ৰাহকৰ পৰা জানিবলৈ পোৱা মতে একোটা এন ৯৫ মাস্ক বিক্ৰী কৰিছে ৩০০ টকাত।
কৰ'নাভাইৰাছক লৈ ৰাইজৰ মাজত আতংকৰ সৃষ্টি হোৱাৰ লগতে তৎপৰ হৈ পৰিছে শিৱসাগৰ স্বাস্থ্য প্ৰশাসন।শিৱসাগৰ স্বাস্থ্য বিভাগে বিদেশ ফেৰৎ ৪১ গৰাকী লোকক গৃহ নিৰীক্ষণত ৰাখিছে। বিগত দিনত এই সকল লোক বিদেশ ভ্ৰমণৰ পৰা আহিছিল। ইয়াৰে তিনি গৰাকী চীনদেশ ভ্ৰমণ কৰি আহিছে। ৪১ গৰাকী লোকৰ ১০ গৰাকীক এমাহ পৰ্যৱেক্ষণ কৰাৰ পাছত স্বাস্থ্য বিভাগে বীজানুমুক্ত ঘোষণা কৰিছে।আন ৩১ গৰাকী এতিয়াও পৰ্যৱেক্ষণত আছে। আনহাতে কৰ'নাভাইৰাছক লৈ সৃষ্টি হব পৰা যিকোনো পৰিস্থিতিৰ সন্মুখীন হবলৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত স্বাস্থ্য বিভাগে সাজু কৰি থৈছে ১০ বিছনাযুক্ত এক আচুতীয়া কোঠা ইতিমধ্যে ব্যৱস্থা কৰিছে বুলি চিকিৎসা বিষয়াই জানিবলৈ দিছে |
অৱশ্যে প্ৰশাসনে এনে পৰিৱেশক লৈ আতংকিত নহবলৈ আহবান জনাই প্ৰতিৰোধমূলক আৰু সজাগতামূলক ব্যৱস্থা গ্ৰহণত জোৰ দিবলৈ আহ্বান জনাইছে। 

শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা