ক্ৰীড়াৰ মাজতে থাকে একতা,সেই ক্ৰীড়াৰ জৰিয়তে বিশ্ব জয় কৰিবলৈ সহজ-ড° দিগন্ত শইকীয়া

শুৱালকুছিত ক্ৰীড়া একাডেমী শুভাৰম্ভনি।
ক্ৰীড়াৰ মাজতে থাকে একতা,সেই ক্ৰীড়াৰ জৰিয়তে বিশ্ব জয় কৰিবলৈ সহজ-ড° দিগন্ত শইকীয়া ( গুৱাহাটী আই আই টিৰ ক্ৰীড়া বিষয়া

পঙ্কজ নাথ, চাংসাৰি, ১৬ মাৰ্চ :

ক্ৰীড়া ক্ষেত্ৰত এক নতুন ধাৰা সৃষ্টিৰ লগতে লুপ্ত প্ৰতিভাক সুপ্ত কৰাৰ লক্ষ্যৰে শুৱালকুছিত শুভাৰম্ভ হ'ল স্পোৰ্টছ একাডেমী অৱ্ শুৱালকুছি। শুৱালকুছি এ চি চি খেলপথাৰত অনুস্থিত হোৱা  শুভাৰম্ভ অনুস্থানখনিত  সভাপতিত্বত কৰে কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতাই । শুৱালকুছিৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত ৰামচৰন বৈশ্যৰ স্মৃতিত মুকলি হোৱা একাডেমীখনৰ  উদ্বোধনী অনুস্থানত  যুৱনেতা তথা সমাজকৰ্মী হেমন্ত কলিতাই বন্তি প্ৰজ্বলন কৰাৰ লগতেই প্ৰয়াত বৈশ্যৰ প্ৰতিচ্ছবিত সমূহীয়া ভাৱে শ্ৰদ্ধাঞ্জলি আগবঢ়াই। সভাত গুৱাহাটী আই আই টিৰ ক্ৰীড়া বিষয়া ড* দিগন্ত শইকীয়াই উদ্বোধক হিচাপে উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে সদৌ অসম শাৰীৰিক শিক্ষা ক্ৰীড়া শিক্ষিত সংস্থাৰ সভাপতি ৰঞ্জুমণি দাস, সম্পাদক মৃগাংকজ্যোতি  ডেকা, মুখপাত্ৰ পলাশজ্যোতি বৰুৱাই ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি সাৱলীল ভাষন আগবঢ়াই। উক্ত অনুস্থানতেই খেলো ইণ্ডিয়াত অংশগ্ৰহন কৰি শুৱালকুছিলৈ গৌৰৱ কঢ়িয়াই অনা দুগৰাকী খেলুৱৈ মধুমিতা বৈশ্য আৰু সঞ্জয় দাসক শুভেচ্ছামূলক সম্বৰ্ধনা আগবঢ়োৱা হয়। ইপিনে একাডেমীৰৰ   ৭০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ সন্মুখত কণ্ঠশিল্পী জ্যোতিপল দাস, মনোজ দাস ,হিৰকজ্যোতি কলিতাই গীত পৰিবেশন কৰাৰ লগতে নিকিতা বৈশ্যৰ দলে নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে। আনহাতে শুৱালকুছি TICS ৰ সঞ্চালক সঞ্জয় নাথে ছাত্ৰ-ছাত্ৰী সকলৰ লগত মত বিনিময় কৰে। একাডেমীখনত ফুটবল , ভলীবল, এথলেটিকছ , হেণ্ডবল, বেডমিণ্টন আৰু হকী খেলৰ প্ৰশিক্ষণ উদ্যোগতাই প্ৰদান কৰিব বুলি জানিব পৰা গৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা