জামুগুৰি আৰক্ষী বিষয়াৰ মহানুভৱতা

#জামুগুৰি আৰক্ষী বিষয়াৰ মহানুভৱতা
#জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তৰ কেবাটাও দৰিদ্ৰ পৰিয়ালক বিতৰণ কৰে খাদ্য সামগ্ৰী৷ Photo(2)

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,৩০ মাৰ্চ: কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশতেই প্ৰধানমন্ত্ৰীয়ে লগডাউন ঘোষণা কৰাৰ পিছতেই স্তব্ধ হৈ পৰিছে দেশ৷সৰ্বস্তৰৰ লোক গৃহবন্দী হৈ পৰাত খাদ্যসামগ্ৰীৰ অভাৱেও জুৰুলা কৰিছে দিন হাজিৰা কৰি খাতি খোৱা লোকসকলৰ পৰিয়ালসকলক৷যাৰবাবে দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত বহুজনে দূৰ্য্যোগৰ সময়ত দৰিদ্ৰ লোকসকলৰ কাষত থিয় দি বিতৰণ কৰিছে খাদ্য সামগ্ৰীৰ টোপোলা৷জামুগুৰিহাটতো কালি বিয়লি অঞ্চলটোৰ কেবাটাও দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিলে জামুগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মানিক বৰমুদৈয়ে৷লকডাউনৰ সময়ত খাদ্য সামগ্ৰী তথা দুবেলা দুমুঠিৰ বাবে হাহাকাৰ কৰা জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তৰ কেবাটাও পৰিয়ালক পদুলীয়ে পদুলীয়ে চাউল,আলু,মচুৰ দালি আৰু বিস্কুটৰ একো একোটা টোপোলা বিতৰণ কৰাৰ লগতে দৈনিক ভিক্ষা খুজি পেট প্ৰৱৰ্তোৱা ভিক্ষাৰীকো একোটা একোটা খাদ্যৰ টোপোলা বিতৰণ কৰে৷ইয়াৰোপৰি প্ৰত্যেককে চেনিটাইজাৰৰে হাঁত ধুৱাই নিতৌ চাফ চিকুন হৈ থাকিবলৈ আহবান জনোৱাৰ লগতে সামাজিক দূৰত্ব বৰ্তাই ৰাখি কৰ’না প্ৰতিৰোধ কৰিবৰ বাবে চৰকাৰে ঘোষণা কৰা নিয়মসমুহ মানি চলিবলৈও আহবান জনাই সকলোকে৷কৰ্তব্যৰ মাজতো সময় উলিয়াই ৰাইজৰ এই দূৰ্যোগৰ সময়ত দিন হাজিৰা কৰা দৰিদ্ৰ লোকসকলৰ কাষত থিয় দি এনেদৰে সহায় কৰিবলৈ আগবাঢ়ি অহা জামুগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মানিক বৰমুদৈৰ এনে কৰ্ম প্ৰশংসনীয় হিচাপে বিবেচিত হৈছে৷জোন বৰা, জামুগুৰিহাট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা