কৰ’ণা ত্ৰাসৰ বাবে এইবেলি নলবাৰীৰ বৰনৰ্দ্দীৰ ৯৮ সংখ্যক শ্ৰীশ্ৰীমহাবিষ্ণু যঞ্জ মহোৎসৱৰ কাৰ্যসূচী বাতিল

*কৰ’ণা ত্ৰাসৰ বাবে এইবেলি নলবাৰীৰ বৰনৰ্দ্দীৰ ৯৮ সংখ্যক শ্ৰীশ্ৰীমহাবিষ্ণু যঞ্জ মহোৎসৱৰ কাৰ্যসূচী বাতিল*


*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৮ মাৰ্চ*


কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ ব্যবস্থা হিচাপে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে সকলো শিক্ষানুষ্ঠানকে ধৰি জন সমাগম হোৱা বহু প্ৰতিষ্ঠান বন্ধ কৰি দিয়া আৰু দেশৰ প্ৰধানমন্ত্ৰীৰ সংযম আৰু সাৱধানতাৰ প্ৰতি সঁহাৰি জনাই পশ্চিম নলবাৰীৰ বৰনৰ্দ্দীৰ ১৯২১ চনতে প্ৰতিষ্ঠিত অসমৰ প্ৰাচীনতম ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীমহাবিষ্ণু যজ্ঞধামত এইবেলি উদযাপিত হ'বলগীয়া ৯৮ সংখ্যক যজ্ঞ মহোৎসৱৰ সমুহ কাৰ্যসূচী বাতিল কৰা হৈছে বুলি এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে ৷ যোৱা ২৩ মাৰ্চত শ্ৰীশ্ৰীমহাবিষ্ণু যজ্ঞৰ স্থায়ী সমিতি আৰু ৯৮ সংখ্যক যজ্ঞ মহোৎসৱ উদযাপন সমিতিৰ সিদ্ধান্তমৰ্মে যজ্ঞৰ সমূহ কাৰ্যসূচী স্থগিত কৰা হৈছে ৷ উল্লেখ্য যে অহা ৭ এপ্ৰিলৰ পৰা ১১  এপ্ৰিললৈ অনুষ্ঠিত হ'বলগীয়া মহাবিষ্ণু যজ্ঞখনৰ ইতিমধ্যে প্ৰকাশ পাবলগীয়া গ্ৰন্থকে ধৰি যাবতীয় প্ৰস্তুতি প্ৰায় সম্পুৰ্ণ হৈ উঠিছিল ৷ কৰ’ণা ভাইৰাছৰ ভয়াৱহতাৰ বাবে সুস্থ পৰিৱেশ সৃষ্টি নোহোৱালৈকে ভক্তপ্ৰান আৰু দৰ্শনাৰ্থীৰ বাবে যজ্ঞমন্দিৰ বন্ধ কৰি দিয়া হৈছে ৷

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা