আজিৰে পৰা সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিছেন্নালা যজ্ঞ মহোৎসৱৰ আৰম্ভণি

আজিৰে পৰা সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিছেন্নালা যজ্ঞ মহোৎসৱৰ আৰম্ভণি

প্ৰতিবেদক, ৰঙিয়া ১ মাৰ্চঃ নামনি অসমৰ অন্যতম বৃহৎ ধৰ্মীয় অনুষ্টান ঐতিহ্যমণ্ডিত  ৰঙিয়া বিছেন্নালা যজ্ঞ মহোৎসৱৰ আজিৰে পৰা সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে। ৰঙিয়া হিত সাধিনী সংঘৰ উদ্যোগত পৰম্পৰাগত ভাবে অনুষ্ঠিত হোৱা এই ৭১ সংখ্যক  যজ্ঞ মহোৎসৱৰ ধৰ্মীয় পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে যজ্ঞ মহোৎসৱ উদ্ যাপন সমিতিৰ সভাপতি গোলোক চন্দ্ৰ তালুকদাৰে। স্মৃতি তৰ্পন কৰে সমিতিৰ কাৰ্যকৰী সভাপতি  ৰমেশ শৰ্মাই।  মহোৎসৱৰ দ্বাৰ উন্মোচন কৰে প্ৰাক্তন সভাপতি নগেন্দ্ৰ নাথ ভট্টাচাৰ্যই। বন্তি প্ৰজ্বলন আৰু তোপধ্বনীৰ শুভাৰম্ভ কৰে ক্ৰমে প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়ো আৰু বিশিষ্ট ব্যৱসায়ী কাৰ্তিক কলিতাই। এই বৃহৎ ধৰ্মীয় অনুষ্টানৰ লগত সংগতি ৰাখি কাইলৈ আভ্যুদায়িক শ্ৰাদ্ধ, জল আনয়ন,অগ্নি আৰোহন, যজ্ঞৰ আহুতি, ভাগৱত পাঠ, ছোৱালীৰ নাগাৰা নাম, আৰতি, একনাম, নাগাৰা নাম, বন্তি প্ৰজ্বলন আদি কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৫ মাৰ্চ বৃহস্পতিবাৰে সন্ধিয়া সদৌ অসম ভিত্তিত আধুনিক নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ টুটুমনি হালৈৰ সোৱৰণত ৭০০১ টকা, দ্বিতীয় পুৰস্কাৰ   নৰেশ কলিতাৰ সোৱৰণত ৫০০১ টকা, তৃতীয় পুৰস্কাৰ ৩০০১ টকা আৰু নিচুকনি বঁটা  ৭০১ টকা প্ৰদান কৰা হব। অহা ৬ মাৰ্চ শুক্ৰবাৰে সাংস্কৃতিক অনুষ্ঠানৰ পাছত যজ্ঞ মহোোৎসৱৰ
সামৰণি পৰিব। এই অনুষ্ঠানত ৰঙিয়া মহকুমাৰ উপৰিও দূৰ দূৰণিৰ পৰা ভক্ত সকলে আহি উপস্থিত হোৱাত সমগ্ৰ বিছেন্নালা অঞ্চলত এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হৈছে। এই ধৰ্মীয় অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি গোলোক চন্দ্ৰ তালুকদাৰ, কাৰ্যকৰী সভাপতি ৰমেশ শৰ্মা আৰু সাধাৰণ সম্পাদক হৰেশ্বৰ মহন্তই সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা