ৰঙিয়াত অবৈধ চুলাইসহ ধৃত ২
ৰঙিয়াত অবৈধ চুলাইসহ ধৃত ২
প্ৰতিবেদক, ৰঙিয়া, ২ মাৰ্চ: ৰঙিয়া মহকুমাৰ অন্তৰ্গত বালিসত্ৰত আজি পুৱা ৮ মান বজাত ৰঙিয়া মহকুমাৰ আবকাৰী বিভাগে এক অভিযান চলাই প্ৰায় ৩০ লিটাৰ অবৈধ চুলাই মদ সহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয়। ঘটনাৰ বিৱৰণী মতে, বালিসত্ৰ চকৰ দোকানী ধৰ্মেশ্বৰ দাসে বহুদিনৰ পৰা তেওঁৰ গেলামালৰ দোকানত গাৱলীয়া চুলাই মদ বিক্ৰী কৰি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে। এই অভিযোগৰ ভিত্তিত আজি এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া মহকুমা আবকাৰী বিভাগৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক দিলীপ কলিতা আৰু হাবিলদাৰ দিনেশ দাসৰ নেতৃত্বত পুৱাই বালিসত্ৰৰ দোকানী ধৰ্মেশ্বৰ কলিতাৰ দোকানত অভিযান চলোৱাত চুলাই যোগান ধৰি থকাৰ সময়তে দোকানী ধৰ্মেশ্বৰ কলিতা আৰু চুলাই যোগান ধৰোঁতা ধীৰেন বড়োক কৰায়ত্ত কৰে।ইতিমধ্যে ধৃত ধৰ্মেশ্বৰ দাস আৰু হৰেণ বড়োক এই সংক্ৰান্তত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।
Comments
Post a Comment