বিটিচি নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰিব ৰাষ্ট্ৰীয় জনতা দলে

বিটিচি নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰিব ৰাষ্ট্ৰীয় জনতা দলে 

দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব খোজা ইচ্ছুক প্ৰাৰ্থীক যোগাযোগ কৰিবলৈকো আহ্বান

বঙাইগাঁওঃ১৪ মাৰ্চঃ সমাগত বিটিচি নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে বিভিন্ন ৰাজনৈতিক দলৰ মাজত আৰম্ভ হৈছে বিশেষ তৎপৰতা ৷ এই তৎপৰতাৰ মাজতে ৰাষ্ট্ৰীয় জনতা দলেও বিটিচি নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে ৷ আজি বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত ৰাষ্ট্ৰীয় জনতা দলৰ অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক শ্যাম ৰাজ ৰাভাই এই কথা প্ৰকাশ কৰে ৷ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদকগৰাকীয়ে সংবাদ মেলত প্ৰকাশ কৰা মতে বিটিচি নিৰ্বাচনত যি ৪০ টা পৰিষদীয় সমষ্টি আছে সেই আটাইকেইটা সমষ্টিতে দলে প্ৰাৰ্থী ঠিয় কৰোৱাৰ বাবে চিন্তা চৰ্চা কৰিছে ৷ ইতিমধ্যে কেইবাটাও সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিছে যদিও আন কিছুমান সমষ্টিৰ বাবে প্ৰাৰ্থী চূড়ান্ত কৰিব পৰা নাই ৷ সেয়ে যদিহে কোনো ব্যক্তিয়ে দলটোৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে তেতিয়াহলে দলটোৰ নেতৃত্বৰ লগত যোগাযোগ কৰিবলৈকো আহ্বান জনায়  সাধাৰণ সম্পাদকগৰাকীয়ে ইচ্ছুক প্ৰাৰ্থীসকলক ৯৬৭৮১৭৭৩৫৬ আৰু ৭০০২১৯৫০৩৪ মোবাইল নম্বৰ দুটাত যোগাযোগ কৰিবলৈকো আহ্বান জনায় ৷ ইপিনে এইবাৰৰ বিটিচি নিৰ্বাচনটো ঐতিহাসিক নিৰ্বাচন হ'ব বুলি কৈ সেয়ে এই নিৰ্বাচনটো শান্তিপূৰ্ণ আৰু নিকাভাৱে অনুষ্ঠিত কৰি আদৰ্শ বিটিআৰ গঠন কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ দলটোৰ হৈ সাধাৰণ সম্পাদকগৰাকীয়ে আহ্বান জনায় ৷ সংবাদ মেলত ইতিমধ্যে কেবাটাও সমষ্টিৰ প্ৰাৰ্থীসকলৰ নাম আজিৰ ভিতৰত চূড়ান্ত কৰা হ'ব বুলিও জানিবলৈ দিয়া সাধাৰণ সম্পাদকগৰাকীয়ে ৷ 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা