নবুৰ্কা সত্ৰ প্ৰাথমিক শাখাৰ সৌজন্যত তিনিদিনীয়াকৈ শ্ৰী শ্ৰী কৃষ্ণৰ দোলযাত্ৰা মহোৎসৱ

নবুৰ্কা সত্ৰ প্ৰাথমিক শাখাৰ সৌজন্যত তিনিদিনীয়াকৈ শ্ৰী শ্ৰী কৃষ্ণৰ দোলযাত্ৰা মহোৎসৱ

প্ৰতিবেদক, ৰঙিয়া, ৫ মাৰ্চঃ ৰঙিয়া মহকুমাৰ অন্তৰ্গত শ্ৰী মন্ত শংকৰদেৱ সংঘৰ নবুৰ্কা সত্ৰ প্ৰাথমিক শাখাৰ সৌজন্যত বিগত বৰ্ষৰ দৰে এইবেলিও ৮, ৯ আৰু ১০ মাৰ্চ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নামঘৰ প্ৰাঙ্গণত শ্ৰী শ্ৰী কৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ পালন কৰিবলৈ আয়োজন কৰা হৈছে। ইতিমধ্যে অসম চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাক উদযাপন সমিতিৰ সভাপতি, অৰবিন্দ ডেকা, বীৰেন ডেকা কাৰ্যকৰী সভাপতি, মুকুট কলিতা সম্পাদক, ধীৰেন কলিতা আৰু নৰেন্দ্ৰ কুমাৰ দাসক উপ সভাপতি হিচাপে লৈ এক শক্তিশালী সমিতি গঠন কৰা হৈছে। ৮ মাৰ্চৰ ৰাতিপুৱা ঊষা কীৰ্ত্তন, পৰিৱেশ নিকাকৰণ, খেল ধেমালি প্ৰতিযোগিতা, আবেলি আই সকলৰ নাম -প্ৰসঙ্গ, সন্ধিয়া মুখ্য তোৰণ উন্মোচন, সমূহীয়া বন্তি প্ৰজ্বলন, দৌল গন্ধোৎসৱ নগৰ কীৰ্ত্তন, ভেলাঘৰ দাহন, দৌলত ভাগৱত স্থাপন, নিশা সাংস্কৃতিক মঞ্চ উদ্বোধন আৰু থিয় নাম পৰিবেশন কৰা হব।নিশা ন বজাত উদযাপন সমিতিৰ সভাপতি, ৰাজ্য চৰকাৰৰ জলসিঞ্চন আৰু ৰাজ্যিক শিক্ষা মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই সাংস্কৃতিক সুৰৰ লহৰ উদ্বোধন কৰিব। ৯ মাৰ্চত পুৱা প্ৰাতঃপ্ৰসংগ, ধৰ্মীয় পতাকা উত্তোলন, নাম প্ৰসঙ্গ, দুপৰীয়া অতিথি আপ্যায়ন, আবেলি ওজাপালি পৰিবেশন, সন্ধিয়া বন্তি প্ৰজ্বলন আৰু নাগাৰা নাম পৰিবেশন কৰিব। সামৰণিৰ দিনা পুৱা সুঁৱৰী ফুৰণ, সন্ধিয়া শ্ৰী কৃষ্ণৰ গৃহ প্ৰবেশ নাট পৰিবেশন আৰু নিশা ন বজাত সমূহীয়া প্ৰীতি ভোজনৰ আয়োজন কৰা হব বুলি জানিবলৈ দিয়ে উদ্যোক্তা সমিতিয়ে। উল্লেখযোগ্য সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণত গীতৰ শৰাই আগবঢ়াব মানস মিহিৰ, নিশাৰাণী আৰু অচ্যুত দাসৰ লোকগীত পৰিবেশনে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা